Posts

Showing posts from September, 2021

#বোমা_বিস্ফোৰণ

Image
#বোমা_বিস্ফোৰণ ছত্তিশগড়ত আজি এক বোমা বিস্ফোৰণত কেবাজনো চিআৰপিএফৰ জোৱান আহত হয় ।  IBC NEWS ASSAM আহত চিআৰপিএফ জোৱান কেইজনৰ ভিতৰত অসমৰো এজন যুৱক আছিল।  যুৱক তথা চিআৰপিএফ জোৱানজনৰ ঘৰ বৰপেটা জিলাৰ কঠলিঝাৰ গাঁৱৰ ছানিদুল ইছলাম । সপ্ৰতি জোৱানজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । অসম সন্তানজনৰ লগতে আন আহত চিআৰপিএফ জোৱানকেইজনৰ আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে ।

বনৰীয়া হাতিৰ উপদ্ৰৱ

Image
        বনৰীয়া হাতিৰ উপদ্ৰৱ তামুলপুৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি গনেশপুৰ গাঁৱত  মালভোগ কল, তামোলৰ বাগান, ধান খেতিৰ ওপৰত  নিশা বনৰীয়া হাতীৰ তাণ্ডব ৷ IBC NEWS ASSAM ৭০/৮০ ৰ বনৰীয়া হাতীৰ জাকে গাঁওখনৰ বাবুৰাম চেত্ৰীৰ ১০ বিঘা মালভোগ কল তামোলৰ বাগান, দেৱবাহাদুৰ নিৰলাৰ ৫ বিঘা , হেমৰাজ চেত্ৰীৰ ৪ বিঘা, গনেশ চৌহান ১২ বিঘা, দীপেন্দ্ৰ চৌহানৰ ৫ বিঘা  আৰু হৰি চেত্ৰীৰ ৭ বিঘা হৰিগৌতমৰ ৭  বিঘাকে ধৰি গাঁঁওখনৰ প্ৰায় ৪০ বিঘা ধাননি পথাৰত  ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে ৷   স্থানীয় ৰাইজৰ অভিযোগ কুমাৰীকাটা বনবিভাগৰ দলে হাতীৰ জাকটো খেদি আনি গনেশপুৰত এৰি যায় ৷ বনবিভাগৰ ওপৰত খৰ্গহস্ত স্থানীয় ৰাইজৰ ৷  কুমাৰীকাটা বনবিভাগৰ বিৰুদ্ধে সৰৱ গনেশপুৰ ৰ কৃষক ৰাইজ ৷ ক্ষতিপুৰনৰ দাবী কৃষকৰ ৷ ইতিমধ্যে গনেশপুৰৰ ক্ষতিগ্ৰস্ত কৃষক সকলে নাগ্ৰীজুলি আৰক্ষী চকীত বনবিভাগৰ বিৰুদ্ধে  তদন্ত বিচাৰি আবেদন ৷  ক্ষতিপুৰন বিচাৰি আবেদন কৰিছে ৰাজহ চক্ৰ বিষয়াৰ ওচৰত আবেদন কৃষক সকলৰ  ৷ IBC NEWS ASSAM