বনৰীয়া হাতিৰ উপদ্ৰৱ

       বনৰীয়া হাতিৰ উপদ্ৰৱ তামুলপুৰ

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি গনেশপুৰ গাঁৱত  মালভোগ কল, তামোলৰ বাগান, ধান খেতিৰ ওপৰত  নিশা বনৰীয়া হাতীৰ তাণ্ডব ৷
৭০/৮০ ৰ বনৰীয়া হাতীৰ জাকে গাঁওখনৰ বাবুৰাম চেত্ৰীৰ ১০ বিঘা মালভোগ কল তামোলৰ বাগান, দেৱবাহাদুৰ নিৰলাৰ ৫ বিঘা , হেমৰাজ চেত্ৰীৰ ৪ বিঘা, গনেশ চৌহান ১২ বিঘা, দীপেন্দ্ৰ চৌহানৰ ৫ বিঘা  আৰু হৰি চেত্ৰীৰ ৭ বিঘা হৰিগৌতমৰ ৭  বিঘাকে ধৰি গাঁঁওখনৰ প্ৰায় ৪০ বিঘা ধাননি পথাৰত  ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে ৷ 
 স্থানীয় ৰাইজৰ অভিযোগ কুমাৰীকাটা বনবিভাগৰ দলে হাতীৰ জাকটো খেদি আনি গনেশপুৰত এৰি যায় ৷ বনবিভাগৰ ওপৰত খৰ্গহস্ত স্থানীয় ৰাইজৰ ৷

 কুমাৰীকাটা বনবিভাগৰ বিৰুদ্ধে সৰৱ গনেশপুৰ ৰ কৃষক ৰাইজ ৷ ক্ষতিপুৰনৰ দাবী কৃষকৰ ৷

ইতিমধ্যে গনেশপুৰৰ ক্ষতিগ্ৰস্ত কৃষক সকলে নাগ্ৰীজুলি আৰক্ষী চকীত বনবিভাগৰ বিৰুদ্ধে  তদন্ত বিচাৰি আবেদন ৷  ক্ষতিপুৰন বিচাৰি আবেদন কৰিছে ৰাজহ চক্ৰ বিষয়াৰ ওচৰত আবেদন কৃষক সকলৰ  ৷

Comments

Post a Comment

Popular posts from this blog

*ঈপ্সা*

বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল.