: তোমাক হেৰুৱাইও সুখী:
🖌️ মফিজুল হক ভূঞা।
ৰাজনৈতিক বিজ্ঞান বিভাগৰ,
বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়, নগৰবেৰা/ ৭৮১১২৭
জিলা: বৰপেটা।
ফোন:৮১৩৬০৫৫১৮৭
প্ৰেম! প্ৰেমক লৈ বহুতেই প্ৰান হেৰুৱায়, সংসাৰ বিছিন্ন হয়, পগলা হৈ ৰাস্তাত কাষত দিনবোৰ কটাৱ লগীয়া হয় কোনোবাই আকৌ গুচি যায় এই সুন্দৰ পৃথিৱী খনৰ পৰা চিৰকালৈ আৰু কিছুমান চিৰকুমাৰ হৈ জীৱনটো পাৰ কৰি দিয়ে। কলেজীয়া লৰা ছোৱালী বিলাকৰ মাজৰ প্ৰেম হ'লে ক্ষন্তেকতেই নাইকিয়া হয়। কোনোবাই তেওঁৰ প্ৰেমিকৰ কাৰণে বেলেগক মাৰি পেলাই। ইয়াৰ বহুত ছবি আমাৰ সমাজত নাইবা এটা ছৱি মোৰ লগতো হৈছে।
গতিকে, প্ৰেম হয় হবই ই প্ৰাকৃতিক নীতি সেই বুলি নীজৰ জীৱনটোক বিছিন্ন কৰি দিম এইটো কি কথা!
মোৰ দ্বাদশ শ্ৰেণীৰ কথা, মই
একাদশ শ্ৰেণীত যেতিয়া নাম ভৰ্তি কৰিলোঁ তেতিয়া মোৰ মন বেছি ভাল নাছিল যদিও মোৰ কলেজীয়া আৰম্ভ হৈছিল। সকলোৱে আনন্দিত হৈ আছিল কলেজীয়া জীৱন আৰম্ভ হোৱা বাবে । মোৰ মনটোত অতি দূখেৰে ভৰ পূৰ হৈ আছিল কাৰণ সেই বছটোতেই মোৰ ডাঙৰ বাইদেউ জনীৰ মৃত্যু হ'ল। সৰুৰে পৰাই বেমাৰৰ পৰি আছিল ১৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
গতিকে, এইটো মোৰ মনত বহুত দূখ দিছিল কাৰণ আমাৰ পৰিয়ালত তিনি ককাই, দেউতা, মা, আৰু বাইদেউ জনী আছিল। বাইদেউ জনী আছিল ডাঙৰ তাতকৈ সৰু মই আৰু বাকি দুটা ভাই মোৰ সৰু।
দূখত মনে মনে কলেজত বহি-বহি অকলে অকলে ভাবি থাকো ভগৱান/আল্লাহ ৰ কি মহিমা।
হঠাৎ এজন ছোৱালী আহি মোক কাষতেই বহিল মই আতৰি যাৱলৈ চেষ্টা কৰিলোঁ কাৰণ ছোৱালী মানুহক ছাই মই লাজ পাওঁ। তেতিয়া ছোৱালী জনীয়ে কলে নাই নাই তোমাৰ মানে আপোনাৰ ওচৰতে বহি ললো অলপ শান্তি অনুভব কৰিছোঁ দেই।
মই মনত দূখ লৈ মিচিকিয়াই হাঁহি মাৰি কলো" আৰে বাবা তুমি ছোন এই মাত্ৰ আহি বহিলা! বহাৰ লগে লগে শান্তি অনুভব কৰিছা মানে?
ছোৱালী:"নাই! সিদিনা যে সেই বকুল জোপাৰ তলত বহি আছিলা মই অকলেই তোমাৰ পিছত বহি আছিলা আৰু এফালে ছাই ছাই কান্দিছিলা কোনেও নেদেখাৰ সুযোগ লৈ মই কিন্তু দেখা পাইছিলো আৰু তোমাক আমনি কৰিবলৈ অলপ টান পাইছিলো"।
লগে লগে তাৰ পিনে ছাই মই সমগ্ৰ পৃথিৱীৰ দূখ পাহৰি আপ্লুত হৈ গলো।
ছোৱালী জনীয়ে কলে "কি ছাইছা মোৰ পিনে এনেকৈ?"
মই: নাই!নাই! একোৱেই নহয়।
কৈ মই উঠি আহিৱ খোজাত তেওঁ মোৰ হাত খন টানি দৰি কলে ঘৰলৈ যাৱা নেকি বাৰু? তোমাৰ নামটো কি আছিল মই সৰু ছোৱালী এতিয়া দশম শ্ৰেণীত পঢ়ি আছোঁ তথাপিও তুমি বুলি কৈছোঁ, বেয়া নাপাৱা plz!!
মই কলো নাই নাই। এতিয়া আহো কালি লগ পাম।
এনেদৰেই আৰম্ভ হ'ল মোৰ কলেজীয়া জীৱনৰ প্ৰেম আৰম্ভ। মোক ফোন নম্বৰ দিলে আমি দুয়ো বহু সময়লৈকে কথা পাতো ফোনত আৰু সময়বোৰ কেনেকৈ দুটা বছৰ পাৰ হৈ গ'ল গম নাপালোঁ।
পিছলৈ এদিনা খন ফোনত কথা পাতি থকা সময়তে তাৰ ডাঙৰ দাদাৰ লগত দৰা পৰিল আৰু বহুত মাৰিলে। মইয়ো বহুত কান্দিছিলো তাৰ পিছত তাৰ দেউতাক আহি মোৰ দেউতাকক কলে কথা বিলাক মোৰ দেউতাক মোক বহুতো গালি পাৰিলে। এনেদৰেই সমাপ্তি ঘটে ভাল পোৱা টোৰ ।
এইটোৱেই আছিল প্ৰথম কলেজীয়া প্ৰেম আৰু দ্বিতীয় প্ৰেম খন আৰম্ভ হৈছিল B.A 1st semester ত ৰাজনৈতিক বিজ্ঞান বিভাগত যেতিয়া আসন পালোঁ তেতিয়া মই অকলশৰীয়া হৈ আছোঁ। পঢ়া শুনা ত ধ্যান আৰু ফেচবুকত বহুত থাকো
প্ৰত্যেক দিনাই ৰাতি ৯.০০ বজাত আৰু ৰাতিপুৱা ৮.০০ বজাত আৰু আবেলি ৪.০০ বজাত। কাৰণ মিম থকা ফেচবুক গ্ৰুপ এটাত আছিছো বহুত আনন্দত আছিলোঁ । এদিনা এটা ছোৱালী মোলৈ friend request পঠাইছে মই আৰু 1 second নাভাবি friend request গ্ৰহণ কৰিলোঁ। পিছদিনা মোলৈ "hi" বুলি মেছেজ এটা দিছে মই আৰু hallo বুলি দি মেচেজ আৰম্ভ কৰিলোঁ খৱৰ ললো তাইয়ো মোৰ খৱৰ ললৈ কিন্তু চিনি নাপাওঁ পিছত মোক কলে তোমাৰ প্ৰেমিকা কোনোবা আছে নেকি বাৰু?
মই কলো আছে।
কোন বুলি কোৱাত মই কলো তুমিয়েই আছা ছোন।
পিছলৈ ছোৱালী হাঁহি ৰ এটা ইমজি দি ক'লে হৱ আজিৰ পৰা আমি দুয়ো মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা।
এনেদৰেই আৰম্ভ কৰোঁ দ্বিতীয়খন প্ৰেমৰ পাতনি আৰু মোলৈ whatsapp নম্বৰ দিয়ে মইয়ো দিলোঁ আৰু নিয়মীয়াকৈ কথা পাতা আৰম্ভ কৰিলোঁ।
এদিন fainaly দেখা হ'ল চাহ খালো, বহুত কথা এই ঘন্টা মান পাৰ হৈ গ'ল গম নাপালোঁ পিছলৈ ঘৰলৈ উভতি আহিলো।
আমি ৰাতিয়ো কথা পাতো প্ৰত্যেক দিনাই। তাৰ মাজত নাই তেওঁৰ দেউতাক আৰু মোৰ মৰমৰ ভালপোৱা তাৰ প্ৰতি গভীৰ হৈ পৰিল।
এনেদৰেই চলি থাকিল কেইটা মান মাহ প্ৰায় আঠ মাহ মান হ'ব। এদিন ৰাতি ন বজাৰ লগে সি কলে তুমি টোপনি যোৱা মোৰ HS fainal yer গতিকে মই পঢ়ো মই কলো ঠিক আছে।
ৰাতি ১ বাজি ৩০ মিনিটত সাৰ পালোঁ আৰু হাত ভৰি দুই ফোন মাৰি দেখো wating মানে বেলেগৰ লগত কথা পাতি আছে। বহুত বাৰ ফোন মাৰিলো Reshiv নকৰিলে খঙত number block কৰি থৈ দিলোঁ মাজে মাজে দেখো block লিছটত ফোন আহিছে নেকি বাৰু ! নাই কত এটা ফোন অ নাই।
পিছদিনা ৰিতি ২ বাজি ২০ মিনিটত ফোন মাৰি ছালো বেলেগৰ লগত কথা পাতি আছে। আকৌ মাৰিলো ৰিছিৱ কৰি কলে " কিয় আমনি কৰি আছা মই মোৰ প্ৰেমিক ৰ লগত কথা পাতি আছোঁ" কৈ ফোনটো কাটি দিলে ।
মোক অলপো সময় নিদিলে এটা কথা কোৱা কাৰণে।
পিছলৈ গম পালোঁ ছোৱালী টো বহুত বেয়া।
পিছত মই ফোন নম্বৰ block কৰিছোঁ যে এতিয়াও আছে block ত ।
তাৰ পৰা মই প্ৰেমক মোৰ হৃদয়ৰ কোঠালীৰ পৰা আঁতৰাই নিজৰ কৰ্মত লাগি আছোঁ।
গতিকে যিজন তোমাৰ পৰা গুচি যায় পাৰিলে ambulance এখনেৰে আগুৱাই দি থৈ আহিৱা কিন্তু।
তাৰ কাৰণে নিজৰ জীৱনক ধ্বংস নকৰিৱ বুলি আশাকৰোঁ।
কৰ্মৰ মাজেৰে থাকা তোমাৰ পৰিয়ালৰ সকলো সদস্যইয়ো সুখী হৈ থাকিব তুমিও সুখী হৈ থাকিবা। গতিকে তাক হেৰুৱাই মই বহুত সুখী হৈ আছোঁ।
Comments
Post a Comment