*_পুলিচৰ লীলা বুজাৰ সাধ্য নাই!..._*
*_পুলিচৰ লীলা বুজাৰ সাধ্য নাই!..._*
_হয় আপুনি ঠিকেই শুনিছে আৰক্ষীৰ লীলা বুজাৰ উপায় নাই। ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট মুঠতে আৰক্ষীৰ মহিমা অপাৰাম্পাৰ। ক্ষেত্ৰবিশেষে কঠোৰতা অৱলম্বন কৰি অহা আৰক্ষীৰো যে এখন নিৰ্মল হৃদয় আছে তাৰ উমান পোৱা গ'ল গোৱালপাৰাত। সৰ্বত্ৰে আৰক্ষীৰ বৰ্ব্বৰতাৰ চৰ্চ চলি থকাৰ সময়তে গোৱালপাৰাত দেখা গ'ল এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা। অনাথ শিশুক আশ্ৰয় প্ৰদান কৰি আৰক্ষী বিষয়া ধজেন চন্দ্ৰ কলিতাই প্ৰমাণ কৰি দিলে যে, প্ৰকৃততে আৰক্ষীও মানুহ, তেখেত সকলৰো আছে এখন কোমল হৃদয়ৰ।_
_নিজৰ ওপৰত নেস্ত দায়িত্বৰ কৰ্তব্য পালন কৰিবলৈ গৈ কেতিয়াবা অধিক কঠোৰ হৈ পৰা আৰক্ষীৰ লোকৰো অন্তৰত থাকে দুখীয়া-নিচলা তথা অনাথ সকলৰ বাবে সহায়-সাহায্য আৰু মানৱীয় সেৱা আগবঢ়োৱাৰ মানসিকতা। তাৰেই এক অনন্য উদাহৰণ দাঙি ধৰিলে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অধীনস্থ দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধজেন চন্দ্ৰ কলিতাই৷ আৰক্ষী বিষয়াগৰাকীৰ জনসেৱামূলক এনে বহু কাম-কাজে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষী বিভাগৰ দৰে এটা সদাব্যস্ত দপ্তৰত সেৱা আগবঢ়াই থকা পিছতো শ্ৰী ধজেন চন্দ্ৰ কলিতাই বিশেষকৈ অসহায়, দুখীয়া-দৰিদ্ৰ তথা অনাথ, পিতৃ-মাতৃহীনা সকলৰ বাবে বিভিন্ন ধৰণৰ কল্যাণকাৰী আঁচনি হাতত লৈছে৷ তেওঁ ইতিমধ্যে বিভিন্ন অপৰাধজনিত কামত জড়িত এটি শিশুক নিজৰ অধীনত ৰাখি লিখা-পঢ়া কৰোৱাইছে। তদুপৰি বহুজনক যোগাসনো শিকাইছে। আৰক্ষী বিষয়া ধজেন চন্দ্ৰ কলিতাই বিভিন্ন ঠাইত গৈ বৃক্ষৰোপণ কৰিছে। জানিব পৰা মতে তেওঁ 'মা শ্ৰদ্ধাঞ্জলি বৃদ্ধাশ্ৰম ট্ৰাষ্ট' নামেৰে এটা অনুষ্ঠান জন্ম দিবলৈ যোজা চলাই আছে। সেই ট্ৰাষ্টৰ অধীনত বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম, যোগাসন কেন্দ্ৰ আদি অনুষ্ঠান থাকিব। আৰক্ষী বিষয়া ধজেন চন্দ্ৰ কলিতাৰ এনে মহান সপোনবোৰ যাতে বাস্তৱ ৰূপ লাভ কৰে তাৰ বাবে আমিওঁ নেদেখাজনৰ ওপৰত প্ৰাৰ্থনা জনালোঁ। আচলতে আৰক্ষীও যে সমাজৰ এটা অঙ্গ, আৰক্ষীৰো যে এখন কোমল হৃদয় আছে সেই ধজেন চন্দ্ৰ কলিতাই দেখুৱাই দিলে। সমাজত দয়াহীন বুলি আখ্যায়িত আৰক্ষী ভিতৰচৰাতো আছে অনাবিল মৰম আৰু ভালপোৱাৰ বাসনা। মুঠৰ ওপৰত নৰমে গৰমে সৰ্ব অৱস্থাই সমাজৰ পৰিবৰ্তন আনিব বিচৰা এনে পুলিচৰ হাজাৰ চালাম।—_
*_জুলহাছ আলী আহমেদ_*
*_জাগীৰোড, মৰিগাঁও (অসম)_*
*_দূৰভাষঃ ৯৭০৬৬-৬৬১৯২_*
Comments
Post a Comment