*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._*


*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._*
_হে প্ৰিয় নৱবৰ্ষ স্বাগতম তোমাক, তোমাৰ আগমন শুভ হওঁক। তুমি আহিছা ভালেই হ'ল, আমি তোমাৰেই অপেক্ষা কৰি আছিলোঁ! তোমাৰ আগমন সাৰ্থক হওঁক। তুমি কি উপহাৰ লৈ আহিছা আমাৰ বাবে সেইটো হ'লে নুসুধো, বিশ্বাস কৰিব পাৰি তুমি অবশ্যই ধৰাৰ বুকুলৈ শান্তিৰ বাৰ্তা লৈ আহিছা। তুমি মানৱ জাতিক একতাৰ ডোলেৰে বান্ধিবলৈ এডাল মজবুত ৰচী লৈ আহিছা, দেশ তথা দহৰ সৰ্বাংগীন উন্নতি সাধিবলৈ তুমি ছাগে আলাউদ্দিনৰ চাকি লৈ আহিছা, স্বাগতম তোমাক, তোমাৰ আগমন পৃথিৱীবাসীৰ বাবে হিতকাৰক হওঁক।_

_সদ্য বিদায়ী ২০২১ বৰ্ষটোৱেও তোমাৰ দৰেই বহু আশা বুকুত বান্ধি লৈ আহিছিল মানৱ সমাজত, ব্যৰ্থ হোৱা বুলি নকলেওঁ সি তাৰ সপোনবোৰ ১০০% বাস্তৱায়িত কৰিব পৰা নাছিল। আমি নকওঁ তুমি নোৱাৰিবা বুলি, নিশ্চয় পাৰিবা! পিছে তুমি এই ধৰাৰ পৰিবেশ-পৰিস্থিতিৰ বিষয়ে অৱগত নে? কিজানি নহয়, সদ্য বিদায়ী ২০২১ বৰ্ষই যদি তোমাক চমূ আভাষ দি গৈছে সেইটো হ'লে নাজানোঁ, তথাপিও কওঁ; বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ "ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গনতান্ত্রিক গণৰাজ্য দেশ"। আবহমান কালৰে পৰাই এই পূণ্যময়ী দেশত বিভিন্ন জাতি ধৰ্মালম্বীৰ লোকে একেলগে বসবাস কৰি আহিছে। বিশ্বৰ প্ৰাচীনতম সভ্যতা সংস্কৃতিৰ দেশত কাহানিও পৰস্পৰৰ মাজত কোনো হিংসা-বিদ্বেষ তথা জাতিগত প্ৰভেদ দেখা পোৱা নগৈছিল কিন্তু "কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল", সময় বাগৰাৰ লগে লগে পৰস্পৰৰ মাজত সেই পৱিত্ৰ সম্পৰ্কত যেন লাহে লাহে কেনা লাগিবলৈ ধৰিছে! একাংশ স্বাৰ্থপৰ, উগ্ৰ-সাম্প্ৰদায়িকতাবাদী ভণ্ড নেতাই বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল ছিঙি থানবান কৰিবলৈ উঠি পৰি লাগিছে। এই সময়ছোৱাত তুমি আহিছা ভালেই হ'ল, সমাজৰ দুষ্ট, বদমাছ ব্যক্তিসকলক চিনাক্ত কৰি তুমিয়েই তেওঁলোকৰ মাজত অহিংসাৰ প্ৰসাদ বিলাব লাগিব। বিশ্বাস কৰিব পাৰি তুমি অৱশ্যেই পাৰিবা, কাৰণ তুমি এটা বছৰৰ কাৰণে সকলোধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ধৰাৰ বুকুলৈ আহিছা যে।_

_হে প্ৰিয় ২০২২ বৰ্ষ, তুমি বিশ্বাস কৰা আমি হ'লে হিংসা-বিদ্বেষ তথা সাম্প্ৰদায়িকতাবাদক কদাপি প্ৰশ্ৰয় দিয়া নাই, নিদিওঁ আৰু দিমেই' বা কিয়? আমি যিহেতুকে একেখন দেশৰ নাগৰিক! একেটা ভাষাত কথা পাতোঁ! একেখন স্কুলত লিখাপঢ়া কৰোঁ! একেখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰোঁ! একেটা বজাৰত বজাৰ-সমাৰ কৰোঁ! একেখন হোটেলত বহি চাহৰ জুতি লওঁ! একেখন চেলুনত চুলি-দাৰি কাটো! একেটি বাটেদি অহা-যোৱা কৰো! উৎসৱ-পাৰ্বন, বিয়া-সকাম আদিত পৰস্পৰে পৰস্পৰক সহযোগীতা কৰোঁ! তদুপৰি সুখ-দুখৰ সমভাগীও হওঁ ইত্যাদি! ইমানৰ পাছতো..... নাই নাই আমি নোৱাৰোঁ। আমি সহজ-সৰল ভাৰতীয়ই প্ৰতিনিয়ত একতাৰ বান্ধোনত বান্ধ খাই শান্তিৰে জীয়াই থাকিব বিচাৰো। পিছে এচামে সেয়া হজম কৰিব নোৱাৰে। আশা কৰোঁ, ঈশ্বৰ-আল্লাহৰ কৃপাত তুমি আমাৰ প্ৰত্যাশাঃ পুৰণ কৰিবলৈ সক্ষম হবা। এই খিনিতে অপ্ৰিয় হলেওঁ কথা এটা কবই লাগিব যে, তুমি আমাৰ আপোন নহয়, বৰং বহাগহে আমাৰ বুকুৰ কুটুম তথাপি কৈছোঁ, তুমি আহিছা ভালেই হৈছে, তোমাৰ আগমন ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ বাবে মঙ্গলময় আৰু কল্যানকৰ হওঁক।_

_অঃ অঃ বেয়া নাপাবা, কথা এটা কবলৈ পাহৰি থাকিলোঁ; আমাৰ সমাজখনৰ পৰা চিৰতৰে অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপ সমূহ নাশ কৰাৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মক জুৱা, মদ, ভাং ড্ৰাগছ আদি প্ৰাণঘাটি নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ পৰা ৰক্ষা কৰিবা। শেষত সদৌটিলৈকে ইংৰাজী নৱবৰ্ষৰ অনেক অনেক প্ৰীতি আৰু আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ।–_
*_জুলহাছ আলী আহমেদ_*
*_জাগীৰোড, মৰিগাঁও (অসম)_*
*_মবাইলঃ ৯৭০৬৬-৬৬১৯২_*

Comments

Popular posts from this blog

*ঈপ্সা*

বনৰীয়া হাতিৰ উপদ্ৰৱ

বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল.