সমবায় সমূহে আৰু কিমান দিন বাকীত ভাত খুৱাব হিমন্তৰ ভোটাৰক”
“সমবায় সমূহে আৰু কিমান দিন বাকীত ভাত খুৱাব হিমন্তৰ ভোটাৰক” (2021 চনৰ শেষ পষ্ট ৷ যোৱা বছৰটোত আপোনালোকৰ সীমাহীন সঁহাৰিৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো🙏 আমাৰ মাজৰে এচাম মানুহৰ এক ভয়ঙ্কৰ সমস্যা লৈ, বছৰটোৰ শেষ পষ্টটো লিখিলো ৷ আশাকৰোঁ আপোনালোকে সঁহাৰি জনাই পষ্টটো শ্বেয়াৰ কৰি, ৰজাঘৰৰ কাণত পেলাই, সমবায়ৰ গৰাকীসকলক টকাখিনি পোৱাত সহায় কৰে যেন।) মোদী চৰকাৰে দুখন ফ্ৰি চাউলৰ আঁচনিৰে ভাৰতত চাউল বিলাই আছে ৷ এখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। NFSA 13. আনখন প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনা 2019. খাদ্য সুৰক্ষা আইনখন ২০১৩ চনত কংগ্ৰেছে অনা আইন। ২০১৪ চনত মোদী জিকিলেই নহয়। গতিকে কংগ্ৰেছে অনা আইনখন মোদীৰ দিনতহে কাৰ্য্যকৰী হ’লগৈ ৷ তাতে আকৌ মোদীৰ কি লেভেল ৷ কংগ্ৰেছে পাৰি থোৱা পীৰাত বহিয়েই কংগ্ৰেছকে তুলাধুনা দিয়ে মোদীয়ে ৷ দুয়োখন “চাউল আঁচনিত” গাইপতি ৫ কেজিকৈ চাউল দিয়া হয় ৷ মানে এজন মানুহে দুয়োখন আঁচনিৰ পৰা মাহেকত মুঠ দহ কেজিকৈ চাউল বিনাপইছাত আৰু ৰাইজৰ টেক্সৰ টকাৰে খাই আছে ৷ এই চাউলৰ বাবদ খৰছ হোৱা টকা, কেন...
Comments
Post a Comment