#চেনি ( চুটি গল্প)
:চেনি:
( চুটি গল্প )
চেনি খাই আপুনি ভাল পায়নে ? নাপায়! মিছা কথা নক’ব বুইছে! আপোনাৰ বয়স যদি চল্লিশৰ তলত, তেন্তে আপুনি চেনি খাই ভাল পাবই, কাৰণ এইটো আপোনাৰ চেনি খোৱাৰে বয়স! আৰু সেয়েহে আপুনি নিৰ্ভয়ে চেনি খায় ৷ যদিহে আপুনি চল্লিশৰ ওপৰত, তথাপিও আপুনি চেনি খাই ভাল পায়, কিন্তু তাকে ভয়ে ভয়ে খায় ৷ কিয়নো এইটো আপোনাৰ চেনি খাই ভয় কৰাৰে বয়স! কাৰণ--- ডায়েবেটিছ, নহয়নে ? কিন্তু মোৰ কেতিয়াবা কি ভাব হয় জানে, চেনি বেছিকৈ খালে ডায়েবেটিছ নহয়, চেনি খাব নোৱৰাৰ চিন্তাতহে মানুহৰ ডায়েবেটিছ হয়! আৰু যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী, তেন্তেতো কথাই নাই! চেনিৰ নাম শুনিলেই আপোনাৰ জিভাৰ পানী পৰে! কোনোবাই ভুলতে যদি আপোনাক চেনি দিয়া চাহ একাপ খুৱাই দিলে, তেতিয়া আপুনি ভুল কৰোঁতাগৰাকীক দিলে নহয় এসোপামান গালি ৷ কিন্তু পেটে পেটে ঠিকেই ভাবিলে--- ভালেই হ’ল দিয়া যি হ’ল! হেঃ হেঃ হেঃ --- লাজ কৰিছে কিয় ? আচলতে কি জানে, আমি প্ৰত্যেকেই চেনি খাই ভাল পাওঁ--- কথাটো প্ৰকাশহে নকৰোঁ!
সঁচা কথা ক’বলৈ গ’লে মই চেনি খাই খুব ভাল পাওঁ ৷ সেই সৰুতেই পাগঘৰত থকা চেনিৰ টেমাটোৰ পৰা চেনি চুৰ কৰি খোৱাৰ বাবে কিমান দিন যে মাৰ চেকনিৰ কোব খাইছিলোঁঁ তাৰ হিচাপ নাই ৷ ৰাতিপুৱা যে পিটন খাইছিলোঁঁ, আবেলি কেনেবাকৈ টেমাটোৰ স’তে মুখামুখি হৈ পিটনৰ কথাটো পাহৰি গৈছিলোঁঁ ৷ এই কথাৰ বাবে শাস্তি হিচাপে কেতিয়াবা বহু সময় মই আঁঠুকাঢ়ি কাণত ধৰি থাকিবলগীয়া হৈছিল ৷ আঁঠুকাঢ়ি থাকোতে মায়ে মোৰ কাণ এখনত ধৰি সুধিছিল--- 'আজিৰ পৰা চেনি চুৰ কৰিবিনে--- ক ৷ মই মুখেৰে একো মাতিব নোৱাৰিছিলোঁ ৷ বাৰে বাৰে ভাবিছিলোঁ--- চেনিবিহীন জীৱন, কেনেকৈ জীয়াই থাকিম মই ? মই মাথোঁ ফেঁকুৰি ফেঁকুৰি কান্দিছিলোঁঁ ৷ চেনিৰ মিঠা সোৱাদতেই যেন মই বিচাৰি পাইছিলোঁঁ জীৱনৰ সকলো অৰ্থ, সকলো আনন্দ ৷ চেনি-টেমাটোৰ স’তে মোৰ গঢ়ি উঠিছিল এক নিবিড় সম্পৰ্ক, নিবিড় বন্ধুত্ব ৷ আমাৰ চুবুৰীত মই জনাজাত আছিলোঁঁ চেনিৰাম অথবা চেনি-চোৰ বুলি! মোৰ এতিয়াও ৰিণিকি ৰিণিকি মনত পৰে--- ককাই যেতিয়া নিজৰ লগত ৰখা সৰু চাদা টেমাটোৰ পৰা চাদা অকণ খাইছিল, ময়ো তেতিয়া ককাক অনুসৰণ কৰিয়েই সৰু টেমা এটাত চেনি ভৰাই লৈছিলোঁঁ আৰু ককাই চাদা খোৱাৰ ষ্টাইলতে ময়ো মাজে মাজে চেনি অকণ খাইছিলোঁঁ ৷ সি যি কি নহওক, কিছু ডাঙৰ হৈহে গম পাইছিলোঁঁ--- মায়ে মোক শাস্তি দিছিল এই বাবেই যে আমাৰ ঘৰৰ চেনি-টেমাটোত সৰহকৈ চেনি নাছিল ৷ দেউতাই সপ্তাহৰ মূৰে মূৰে বহা হাটলৈ গৈ সপ্তাহটোৰ বাবে লৈ অনা চেনিকণেৰেই আমাৰ দুখীয়া ঘৰখনৰ দুখবোৰক কিছু পৰিমাণে মিঠা কৰিবলৈ চেষ্টা কৰা হৈছিল ৷
এদিন ককা ঢুকাল ৷ তাৰ পাছত এদিন আইতাও গুচি গ’ল পৃথিৱীৰ পৰা ৷ এদিন মোৰ পকেটৰ সৰু চেনি-টেমাটোও হেৰাল ৷ মোৰ শৈশৱ হেৰাল, কৈশোৰ হেৰাল ৷ কিন্তু চেনিৰ সোৱাদ একেদৰেই থাকিল । মিঠা! মুখত দিলেই জিভালৈ বিয়পি পৰে মিঠাটো; তাৰ পাছত বিয়পি পৰে বুকুৰ ভিতৰলৈ, নিমিষতে মিঠা হয় মোৰ হৃদয়, মোৰ আত্মা ৷ কি এই চেনি ?
বি.এচ.চি. পাছ কৰি এদিন গুৱাহাটী পালোঁহি--- ঘৰৰ তেল, নিমখ, চেনিৰ টেমা আৰু বটলকেইটা পূৰ কৰি ৰখাৰ তাগিদাত--- এটা কাম বিচাৰি । সাংবাদিকতাৰ প্ৰতি দুৰ্বলতা থকাৰ বাবেই সাংবাদিকতাৰ পাঠ্যক্ৰম এটা পঢ়াৰ কথা ভাবিলোঁঁ ৷ আৰু এদিন গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমৰ এজন ব্যস্ত ছাত্ৰ হৈ পৰিলোঁ ৷
নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াব লগা হোৱাৰ বাবে ৰাতিপুৱা উঠিয়েই এটা টিউচন কৰোঁ আৰু ৰাতিলৈ দুটা ৷ তাৰ মাজতেই ষ্টুডিঅ’ এটাত ঘোষক হিচাপে কাম কৰোঁ ৷ এজন ছাত্ৰ হিচাপে দায়িত্বখিনিতো আছেই ৷ মুঠতে অত্যন্ত ব্যস্ত এটা জীৱন ৷ ৰাহি হোৱা কিছু টকা ঘৰলৈ পঠিয়াই দিওঁ ৷ কাৰণ মই ভালদৰেই জানো--- ঘৰৰ আধৰুৱা বটল আৰু টেমাবোৰে মোৰ বাবেই বাট চাই আছে ৷ সিহঁত পূৰ্ণ হ’ব বিচাৰে--- পৰিপূৰ্ণ ৷
যা হওক, দ্বিতীয় ষান্মাষিকলৈ উত্তীৰ্ণ হোৱাৰ পাছত আপোনা-আপুনি মনটো কিবা গহীন হৈ পৰিল ৷ ভালদৰে বুজি উঠিলোঁ যে ডিপাৰ্টমেণ্টৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিবলগা গধুৰ গধুৰ কামবোৰ এতিয়া আমি দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীসকলেই কৰিব লাগিব ৷ যেনে--- নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীক আদৰা আৰু পাঠ্যক্ৰম সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰীক বিদায় দিয়াৰ আনুষ্ঠানিক কামবোৰ ৷
নৱাগত আদৰণি সভা সুকলমে পাৰ হ’ল ৷ তাৰ পাছৰ দিনটোতেই নৱাগত-নৱাগতা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ ৷ উজনিৰ পৰা নামনিলৈ অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী । মনটো কিবা আপোন আপোন ভাব এটাৰে উথলি উঠিল ৷
সেইখিনিলৈকে সকলো ঠিকে আছিল ৷ কিন্তু হঠাৎ যেন কিবা এটা অঘটন ঘটি গ’ল । নৱাগতা ছাত্ৰী এগৰাকীৰ কথা-বতৰাই, তাইৰ হাঁহিটোৱে, তাইৰ চকু দুটাই বাৰে বাৰে মোক দুৰ্বল কৰি পেলালে ৷ মই কিন্তু এই বিষয়ে কাকো একো নজনালোঁ ৷ কাৰণ মোৰ লগৰবোৰে মোক সহজে হাৰ নমনা 'চামথিং ডিফাৰেণ্ট্’ বুলি প্ৰশংসা কৰিছিল ৷ যা হওক, দুপৰীয়া আমাৰ ডিপাৰ্টমেণ্টৰ কাষতে থকা কেণ্টিনলৈ গৈ সকলো ছাত্ৰ-ছাত্ৰী চাহ-কফি খোৱাত ব্যস্ত হ’ল ৷ নৱাগত-নৱাগতাসকলৰ লগত আমাৰ লগৰবোৰে এইবাৰ যেন বেছি ঘনিষ্ঠভাৱে কথা পাতিছে ৷ কথা পাতিছে বুলিলে ভুল হ’ব--- আচলতে পৰস্পৰে পৰস্পৰৰ স'তে 'চেনি’ খাইছে ! মই কিন্তু এইবিধ চেনি ভাল নাপাওঁ-- মুঠেই নাপাওঁ! চাহ একাপ লৈ মই অকলে অকলে চুক এটাত মনে মনে বহি থাকিলোঁ ৷ মোৰ চকু দুটাই পিতপিতাই বিচাৰিলে ছোৱালীজনীক ৷ মোৰ পৰা যথেষ্ট আঁতৰত তায়ো চাহ ( কফি ? ) খোৱাত ব্যস্ত ৷ মই লক্ষ্য কৰিলোঁ-- তাইক কেন্দ্ৰ কৰি তাইৰ চাৰিওফালে কিছু ভিৰ; ভিৰ হ’বলগীয়াই ৷ কিয় জানো--- এক অচিনাকি দুখে মোক হেঁচা মাৰি ধৰিলেহি ৷
বন্ধু ঘনশ্যাম, নীলোৎপল আৰু প্ৰসেনে মোৰ এই অস্বাভাৱিকতা লক্ষ্য কৰিলে ৷ নীলোৎপলে মোক বাৰে বাৰে জোৰ কৰিলে, মোৰ কি হৈছে ক’বলৈ, কিন্তু মই নক’লোঁঁ ৷ অৱশ্যে মাজে মাজে মোৰ এনে নীৰৱতা সিহঁতৰ বাবে একো নতুন কথা নহয় ৷
কলেজৰ পৰা আহি একো কামতেই মন বহুৱাব নোৱাৰিলোঁঁ। সন্ধিয়া ছয় বজাৰ পৰা দুটা টিউচন কৰিলোঁঁ ৷ মনটো তেনেই মৰা মোৰ ৷ নিশা চাৰে ন মান বজাত ৰূমত সোমালোহি ৷ মোৰ জীৱনৰ ইতিমধ্যে পাৰ হৈ যোৱা দিনবোৰত কেতিয়াও আপোচ নকৰা এটা শব্দ আছিল প্ৰেম ( মানে ছোৱালীৰ স’তে যি প্ৰেম )। আৰু সিয়েই আজি মোক বাৰে বাৰে আক্ৰমণ কৰিলে ৷ এটা অজান শংকাত ঘনে ঘনে মই অনুভৱ কৰিলোঁঁ--- মই ছোৱালীজনীৰ প্ৰেমত পৰিছোঁঁ, সঁচাই পৰিছোঁ ৷
পিছদিনা ক্লাছ আৰম্ভ হোৱাৰ আগতেই কথাটো নীলোৎপলক জনালোঁ ৷ সি খুউব হাঁহিলে আৰু মোক ভেঙুচালি কৰিলে--- "হাৰি গ’লি বাচা !" মই পৰম আশাৰে তালৈ চাই ক’লোঁঁ--- “মই হাৰি গ’লোঁঁ নীলো, প্লিজ্, তাইৰ স’তে মোক চিনাকি কৰি দেচোন!”
নীলোৎপল অৰ্থাৎ নীলোৎপল মহন্ত--- যাৰ বাবে অসম্ভৱ বুলি যেন কোনো বস্তুৱেই নাই! এক মুহূৰ্তও পলম নকৰি সি ছোৱালীজনীক মাতি আনি মোৰ আগত হাজিৰ কৰালে আৰু 'চিনাকি হোৱাচোন’ বুলি কৈ সি আমাৰ ওচৰৰ পৰা গুচি গ’ল ৷
মই পৰম উৎসাহ আৰু আগ্ৰহেৰে সুধিলোঁঁ----
ঃ তোমাৰ নামটো ?
ঃ নীহাৰিকা ৷
ঃ ঘৰ ক’ত তোমাৰ ?
ঃ নুনমাটি ৷
ঃ মোৰ নাম অনুভৱ ৷
ঃ জানো, আপুনি গল্প লিখে ৷
ঃ মোৰ গল্প পঢ়িছা ?
ঃ নাই পঢ়া--- চৰি ! মই অসমীয়া পঢ়িব নাজানো ৷
হঠাতে মোৰ এনে লাগিল যেন তাহানিৰ সেই আমাৰ 'কুঁহিপাঠ’খন লৈ আনি 'অ-আ, ক-খ’ শিকাই এতিয়াই মই তাইক অসমীয়া পঢ়িব পৰা কৰি দিম ৷
ঃ তুমি মোক আপুনি ক’ব নালাগে, তুমি বুলি ক’লেই হ’ব ৷ কিবা অসুবিধা হ’লে জনাবা ৷
ঃ অ’কে, থেংক ইউ!
এটা মিচিকিয়া হাঁহি মাৰি নীহাৰিকা মোৰ ওচৰৰ পৰা গুচি গ’ল--- কেইমুহূৰ্তমানৰ বাবে পূৰ্ণ হৈ থকা মোৰ বুকুখন শুদা কৰি ৷ আৰু মিচিক কৰে হাঁহিটো যে মাৰি থৈ গ’ল, সেইটো যেন এটা হাঁহি নহয়, এপাট চোকা যাঠি---মোৰ বুকুতে ভৰাই থৈ গ’ল!
আৰু তাইৰ চকু দুটা! সেই দুটা জানো চকু ? হ’বই নোৱাৰে--- দুখন সাগৰ! আৰু সেই সাগৰৰ পানীত মই যেন এটি কণমানি মাছ ৷ কণমানি মাছটোৱে ভালদৰে জানে যে সি সাগৰখনক কিমান ভাল পায়! কিন্তু সাগৰখনে জানো খবৰ ৰাখিছে--- সেই কণমানি মাছটোৰ বুকুত কিমান ভালপোৱা থূপ খাই থাকে সাগৰখনৰ প্ৰতি ?
সাগৰে নুবুজে দুখ! নীহাৰিকাই মোক দেখিলে লাহে লাহে ফালৰি কাটি যোৱা হ’ল ৷ যিমানেই তাই মোৰ পৰা দূৰ হ’বলৈ চেষ্টা কৰিলে, সিমানেই মই তাইৰ ওচৰ চাপিবলৈ হাহাকাৰ কৰিলোঁ ৷ কিন্তু মই কেতিয়াও তাইক ফোন কৰি অথবা অন্য প্ৰকাৰে আমনি কৰা নাছিলোঁঁ ৷ মোৰ মনটোৱে মাথোঁ এইটোৱেই আশা কৰিছিল যে তাই অন্ততঃ মোলৈ এবাৰ চাওক, মই মোৰ বুকুত হোৱা বিষটো কিছু পাতল পাম ৷ কিন্তু নাচালে ৷ নাচায় তাই মোৰ পিনে ৷ শেষত নীহাৰিকাই যেতিয়া মোক দেখিলে দূৰতেই দূৰ হোৱা হ’ল--- বুকুৰ বিষটোৱে চূড়ান্ত ৰূপ ল’লে ৷
মোৰ অপৰাধটো কি বাৰে বাৰে উলিয়াবলৈ চেষ্টা কৰিলোঁ ৷ আন ছাত্ৰ-ছাত্ৰীবোৰৰ তুলনাত মই দুখীয়া আছিলোঁঁ--- সেইটোৱেই কি মোৰ অপৰাধ ? নে 'হৃদয়ৰ সমস্ত সততা আৰু পবিত্ৰতাৰে’ মই তাইক ভাল পাওঁ--- সেইটো মোৰ অপৰাধ ?
এদিন কেণ্টিনত নীহাৰিকাৰ স’তে মোৰ বন্ধুমহল কথা পতাত ব্যস্ত ৷ কথা পাতিছে বুলিলে ভুল হ’ব--- ঠিক যেন চেনি খাইছে! মই ধীৰ খোজেৰে সোমাই গৈ তেওঁলোকৰ ওচৰ পালোঁগৈ ৷ কিন্তু আচৰিত হৈ মই আৱিষ্কাৰ কৰিলোঁঁ যে মই গৈ পোৱাৰ লগে লগেই পৰিৱেশটো যেন কিবা সলনি হৈ গ’ল ৷ কাৰো মুখত মাত-বোল নাই ৷ মই ইতস্ততঃ বোধ কৰিলোঁ ৷ এবাৰ নীহাৰিকালৈ চালোঁঁ ৷ তাই অন্যফালে চাই আছিল ৷ বন্ধু এজনে মাত লগালে---“কি অ’ নাথ ! তোৰ কাম-কাজবোৰ ঠিকে চলি আছে নে ? আৰু টিউচন-পাতি ?” মই নীৰৱে মূৰ দুপিয়ালোঁ ৷ মই যে টিউচন কৰোঁ, সেই কথাটো অন্ততঃ নীহাৰিকাই জনাটো মই বিচৰা নাছিলোঁঁ ৷ যা হওক, মই দুখীয়া মানুহৰ ল’ৰা ৷ আমাৰ সহ্য গুণ বেছি ৷ যুগ যুগ ধৰি আমি দুখীয়া মানুহবোৰ এনেদৰেই বঞ্চিত আৰু লাঞ্ছিত হৈ আহিছোঁঁ ৷ সকলোৱে ভাবে--- ভাত আৰু ৰুটীৰেই যেন আমাৰ জীৱন আৰম্ভ আৰু ভাত আৰু ৰুটীতেই যেন আমাৰ জীৱন শেষ । আমি যেন যন্ত্ৰ! আৱেগ-অনুভূতি আমাৰ পৰা যেন বহু দূৰত!
'তোমালোক বহাচোন’ বুলি মই কেণ্টিনৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ ৷ মোৰ খোজবোৰ মাটিত পৰিছিল নে নাই মই ক’ব নোৱাৰোঁঁ ৷ 'চেনি’ৰ প্ৰতি বিতৃষ্ণা ভাবত মই পাগলৰ দৰে হৈ পৰিছিলোঁঁ ৷ তেতিয়া দুপৰীয়া হৈছিল। হঠাতে সিদ্ধান্ত ল’লো--- ঘৰলৈ যাওঁ ৷ মা-দেউতাই যেন মোক হাত বাউলি মাতিছে--- আহ বাচা! ঘৰলৈ এবাৰ আহ ৷ সিহঁত ধনী মানুহৰ ল’ৰা-ছোৱালী ৷ সিহঁতৰ লগত ফেৰ নেমাৰিবি ৷
ঘৰলৈ বাছেৰে আহি থাকোঁতে অনুভৱ কৰিছিলোঁঁ---- মই যেন এটা অচেতন মানুহ ৷ চিলমিলকৈ মোৰ টোপনিটো আহিছিল ৷ আৰু মোৰ অকলশৰীয়া মনটো মোৰ পৰা গুচি গৈছিল তেনেকুৱা এটুকুৰা ঠাই বিচাৰি যি ঠাইত ধনী-দুখীয়াৰ হিচাপ-নিকাচ হৃদয়ৰ মাপকাঠিৰে কৰা হয়, টকাৰে নহয় আৰু যি ঠাইত কোনেও কাৰো স’তে চেনি নাখায়!
নিশা ৮ মান বজাত কামপুৰ টাউন পালোঁগৈ ৷ তাৰ পৰা আকৌ তিনি কিলোমিটাৰ ৰাস্তা খোজকাঢ়িব লাগিব আমাৰ গাঁও পাবলৈ ৷ ঢলং-পলংকৈ খোজ ল’লোঁঁ ৷ প্ৰেমত হাবু-ডুবু খোৱা মানুহ দেখিছে কেতিয়াবা ? নাই দেখা! ময়ো দেখা নাছিলোঁঁ ৷
ন বজাৰ আগতে ঘৰ গৈ পালোঁ ৷ মোক হঠাতে দেখি মা-দেউতা আচৰিত হ’ল ৷
ঃ “হঠাতে ওলালিহি যে ? গা বেয়া নেকি ?” ---মায়ে স্নেহসনা মাতেৰে প্ৰশ্ন কৰিলে ৷
ঃ নহয় ৷ এনেই আহিলোঁ ৷ তহঁতলৈ মনত পৰিল ৷
জোৰকৈ মা-দেউতাৰ স’তে কথা পাতিবলৈ চেষ্টা কৰিলোঁঁ ৷ ভাত-পানী খোৱালৈ নিশা দহ বাজিল ৷ বৰ ভাগৰ ভাগৰ লাগিছিল মোৰ, ভাগৰ! শুই পৰিলোঁ ৷
পিছদিনা পুৱা সাতমান বজাত সাৰ পালোঁ ৷ এনেই বিছনাতে কিছু সময় পৰি থাকিলোঁ ৷ হঠাতে মোৰ খং উঠিল 'চেনি’ খোৱা মানুহবোৰৰ ওপৰত ৷ এই চেনি খোৱা বেমাৰটো কেতিয়াৰ পৰা আৰম্ভ হ’ল ? গোটেই পৃথিৱীত যেন এই বেমাৰটোৱে ছানি ধৰিছে ৷ 'ক’-ই 'খ’-ৰ ঘৈণীয়েকৰ সৈতে চেনি খাইছে,'খ’-ই 'ক’-ৰ ঘৈণীয়েকৰ স’তে চেনি খাইছে! 'ঙ’-ই আকৌ 'গ’-ৰ জীয়েকৰ স’তেও চেনি খাইছে আৰু 'ঘ’-ৰ জীয়েকৰ স’তেও চেনি খাইছে! ঢুলীয়াকেইটাই নাচনীকেইজনীৰ স’তে চেনি খাইছে! ভূঁই ৰুই থকা ৰোৱনীকেইজনীৰ কনচেনট্ৰেশ্যন্ ব্ৰেক্ কৰিছে হালোৱাকেইটাই--- চেনি খাই! কণ্ডাক্টৰে ভাড়া তোলাৰ চলেৰে ৰূপহী যাত্ৰীকেইগৰাকীৰ স’তে খাইছে চেনি! আনকি ডাক যোগে অহা চিঠিখন দিবলৈ আহিও ডাকোৱালে কোনোবা ঘৰৰ গৰাকিনীৰ স’তে খাই আছে চেনি! কি হৈছে মানে এইবোৰ ? মোৰ মূৰটো আচন্দ্ৰাই গ’ল ৷
নাই নাই! এই কথাই কথা নহয় ! এই চেনি খোৱা ৰোগটোৰ ওপৰত মই কঠোৰ হ’ম ৷ মই লিখিম, মোৰ কলমেৰে মই আক্ৰমণ কৰিম এই চেনি খোৱা মানুহবোৰক ৷ তেওঁলোকৰ বিৰুদ্ধে মই জনমত গঠন কৰিম! কথা হ’ল নেকি ? আপোনাৰ চাকৰিয়াল পত্নীৰ স’তে অফিচৰ বচজনে অথবা কলিগজনে চেনি খাব, আপোনাৰ কলেজত পঢ়ি থকা ছোৱালীজনীৰ স’তে কোনোবা ডেকাল’ৰাই চেনি খাব--- এইটো আপুনি কেনেকৈ সহ্য কৰিবহে ??
জাঁপ মাৰি বিছনাৰ পৰা উঠিলোঁঁ ৷ আঁঠুৱাটো খুলি বিছনাখন সামৰিলোঁ ৷ মুখখন ধোওঁ বুলি ঘৰৰ পিছফাললৈ আগবাঢ়িলোঁ ৷ কিন্তু পাগঘৰৰ লগতে লাগি থকা মুকলি সৰু কোঠটো পাই হঠাৎ মই ৰৈ গ’লোঁঁ ৷ ঘৰৰ পিছফালৰ অস্থায়ী চাহ কৰা চালিখনৰ তলৰপৰা ভাহি অহা মা-দেউতাৰ কথোপকথনে মোৰ মনটো টানি নিলে ৷
ঃ হেৰা, মই ইমান সময় তোমাৰ আগত পেকপেকাই আছোঁ, তুমিতো এবাৰ মোলৈ চাব পাৰা ?
ঃ হয়নে, এই বুঢ়া বয়সত আপোনাৰ পৰকিতি লৰিছে নেকি ? ল’ৰা ডেকা হ’ল--- এতিয়া এইবোৰ কথা ক’বলৈ লাজ নাপায় ?
ঃ থোৱা হে লাজ, তুমি মোৰ পত্নী--- তোমালৈ মোৰ কিহৰ লাজ ? মইনো ইয়াত কিয় বহি আছোঁঁ অতপৰে ? তুমি এবাৰ চাবা বুলিহে বহি আছোঁ! নহ’লেচোন চাহ খাই অথনিয়েই মই গোহালিৰ গোবৰখিনি পেলাবলৈ গ’লোহেঁতেন!
ঃ হ’ব দিয়ক--- ইমান বুজাব নালাগে ৷ গোবৰখিনি পেলাই থৈ আহকগৈ ৷ তাৰ পাছত কিমান চায় চাই থাকিব!
দেউতাই মাৰ স’তে চেনি খাই আছিল! ভগৱানক প্ৰাৰ্থনা কৰিলোঁ--- “প্ৰভু ! মোক অলপ শান্তিৰে জীয়াই থাকিবলৈ দিবানে তুমি ?"
ধীৰ খোজেৰে পিছফাললৈ ওলাই গ’লোঁ ৷
ঃ বাবা উঠিলি ? দেউতাই মাত লগালে ৷
ঃ অঁ ৷
মই আৰু একো নক’লোঁ ৷ দমকলৰ পাৰতে মুখখন ধুলোঁ।
ঃ চাহ কৰোনে দেহা ? ---মায়ে মৰমসনা মাতেৰে সুধিলে ৷ মই একো নামাতিলো ৷
ঃ দেহা, চাহ কৰোনে ? ---মায়ে পুনৰ সুধিলে ৷
ঃ কৰ, চেনি নিদিবি ৷
দুখৰ তৰংগ এটি মোৰ ভিতৰেৰে পাৰ হৈ গ’ল ৷
ঃ কি! তই চেনি খাবলৈ এৰিলি নেকি ? ---মায়ে আচৰিত হৈ সুধিলে ৷
ঃ চেনি নিদিয়া চাহ একাপ খাবলৈ মন গৈছে ৷ মুঠতে চেনি নিদিবি ৷
মা-দেউতাই ইজনে সিজনৰ মুখলৈ চালে ৷ তেওঁলোকৰ যিটো ল’ৰাই মাকে কৰি দিয়া চাহত আকৌ এমুঠি চেনি দি লৈছিল, সেই ল’ৰাটোৱে আজি মাকক বিচাৰিছে একাপ চেনি নিদিয়া চাহ ! মা-দেউতাই হয়তো চিঞৰি চিঞৰি হাঁহিলেহেঁতেন, কিন্তু কালি ৰাতিৰ পৰা দেখি অহা মোৰ ভাবুক ৰূপটোৱে তেওঁলোকক চাগে' হাঁহিবলৈ নিদিলে ৷ মই ভিতৰলৈ সোমাই আহি আগফালৰ বাৰাণ্ডাৰ লগতে লাগি থকা সৰু কোঠাটো পালোঁগৈ, যিটো কোঠাত সাধাৰণতে আমি আলহী-দুলহী আহিলে প্ৰথমে তাতে বহুৱাওঁ ৷ কোঠাটোলৈ সোমায়েই মই দেখিলোঁঁ এখন নতুন কেলেণ্ডাৰ ৷ কেলেণ্ডাৰত ভগৱান কৃষ্ণই ৰাধাক প্ৰেম নিবেদন কৰি থকা এক নিবিড় মুহূৰ্ত প্ৰতিফলিত হৈছে ৷ তাৰমানে ভগৱান কৃষ্ণই ৰাধাৰ স’তে...
উস্ ! ক’ত শান্তি পাম মই!!
চকী এখনতে বহি মই চকু দুটা মুদি দিলোঁ ৷ শ্ৰান্ত-ক্লান্ত যেন মোৰ শৰীৰ-মন ৷
মায়ে চাহকাপ লৈ মোৰ ওচৰ পালেহি আৰু মোক মৰমেৰে সুধিলে---
ঃ দেহা, তোৰ কি হৈছে ক-চোন ? কালি অহাৰ পৰাই তোৰ মনটো মৰা ৷ কথাবোৰো ভালকৈ কোৱা নাই ৷ কি হৈছে ক-চোন দেহা ??
ঃ একো হোৱা নাই দে ; এনেই।
মায়ে মোৰ চুলিখিনিত হাত বুলাই দিলে আৰু আকৌ মোক জোৰ কৰিলে---
ঃ ক-চোন দেহা, কিবা সমস্যা হৈছে নেকি তোৰ ?
মাৰ হাতখনত ধৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ মোৰ মন গ’ল ৷ মোৰ চকু দুটা চলচলীয়া হৈ পৰিল ৷
ঃ মা, প্ৰেম কৰাটো বেয়া কথা নেকি ?
মা উচপ খাই উঠিল! নিজৰ কাণখনকেই যেন মায়ে বিশ্বাস কৰিবলৈ টান পালে ৷ মোৰ চুলিখিনিৰ পৰা মাৰ হাতখন হঠাৎ আঁতৰি গ’ল ৷ থৰ লাগি তেওঁ সমুখলৈ চাই ৰ’ল ৷
ঃ মা ?
ঃ আমাৰ দৰে দুখীয়া মানুহৰ বাবে প্ৰেম নহয় দেহা ৷
ঃ কিয় মা ?
ঃ কিয় তই নিজেই জান--- আমি এতিয়া ভাতৰ প্ৰেমিক ।
আৰু এখন্তেকো নৰৈ মা কোঠাটোৰ পৰা ওলাই গ’ল ৷ আৰু মই যেন এজন দিশহাৰা পথিক ৷ উচুপনি এটা ওলাই আহিব খুজিলে ৷ কেইমুহূৰ্তমানৰ বাবে মোৰ মগজুৱে কাম নকৰা অৱস্থা ৷ মোৰ কাষতে থকা সৰু টেবুলখনৰ ওপৰত মায়ে থৈ যোৱা চাহকাপলৈ চকু গ’ল ৷ ঠিক সেই মুহূৰ্তত ধৈৰ্য্য ধৰাৰ বাহিৰে যে কোনো গত্যন্তৰ নাই, সেই কথা মনটোক বুজালোঁ ৷ লাহেকৈ চাহকাপ হাতত তুলি ল’লো আৰু এটা দুখৰ হোঁপা মাৰিলোঁ ৷ কিন্তু কি আচৰিত! মায়ে সঁচাই মোলৈ চেনি নিদিয়া চাহ একাপ কৰি আনিছে ৷ অজান শোক এটাই তীব্ৰ বেগেৰে মোৰ বুকুত খুন্দা মাৰিলে। মোৰ চকু দুটাই আৰু চকুপানীবোৰ ধৰি ৰাখিব নোৱাৰিলে। কি যে যন্ত্ৰণা! এটা মাথোঁ জীৱন আৰু অসংখ্য যন্ত্ৰণা! আৰু সেই যন্ত্ৰণাৰ ওচৰত হাৰি নোযোৱাৰ অহংকাৰত মই ফেঁকুৰি ফেঁকুৰি চেনি নিদিয়া চাহকাপ খাবলৈ ধৰিলোঁ আৰু এসময়ত খাই শেষ কৰিলোঁ ৷ পোন্ধৰ মিনিটমান সময় বহি থাকি মই কোঠাটোৰ পৰা ওলাই গ’লোঁ ৷
মাক এবাৰ চাই অহাৰ ইচ্ছা জাগিছিল, কিন্তু সেই মুহূৰ্তত মাৰ স’তে মুখামুখি হোৱাৰ সাহসকণ গোটাব নোৱাৰিলোঁঁ ৷ বগা চাফা বহীপাত এখিলা আৰু কলমটো লৈ মই পুনৰ কোঠাটো পালোঁহি ৷ বুকুৰ ভিতৰত যিমানখিনি সততা থূপ খুৱাই ৰাখিছিলোঁ, সেই আটাইখিনিৰে নীহাৰিকালৈ মোৰ প্ৰথম আৰু শেষ চিঠিখন লিখিবলৈ বহিলোঁ ৷ পঞ্চল্লিছ মিনিটমান সময় লাগিল চিঠিখন শেষ কৰিবলৈ ৷ লিখি শেষ কৰি উঠি এবাৰ চকু ফুৰালোঁ। শেষৰ কথাখিনিয়ে মোৰ চকু দুটা পুনৰ সেমেকাই তুলিলে--- 'নীহাৰিকা, তোমাৰ স’তে ভালদৰে চিনাকি নোহোৱাকৈয়ে বিদায় ল’ব খুজিছোঁ ৷ ওচৰলৈ নোযোৱাকৈয়ে দূৰলৈ ওলাইছোঁ তোমাৰ পৰা ৷ ভালপোৱাগৰাকীলৈ লিখিব লগা হোৱা শেষ চিঠিখনৰ প্ৰতিটো শব্দ কিমান যন্ত্ৰণাদায়ক সেই কথা তুমি নুবুজিবা ৷ কাৰণ তুমি নীহাৰিকা! তুমি কেৱল ধুনীয়াকৈ হাঁহিব জানা আৰু তোমাৰ হাঁহিটো ভালপোৱাজনক দুখত ৰাখিব জানা ৷ তোমাক মই ভাল পাইছিলোঁঁ--- সেয়া এক সত্য, কিন্তু তোমালৈ যে মই আৰু কেতিয়াও নাচাওঁ--- সেইটো তাতোকৈ ডাঙৰ সত্য ৷ পাৰিলে মাফ কৰি দিবা নীহাৰিকা! বিদায়...’
উঠি গৈ মই মোৰবেগটোৰ পৰা খাম এটা উলিয়াই আনিলোঁ ৷ চিঠিখন তিনিটা ভাঁজ কৰি খামটোত সুমুৱালোঁ আৰু খামটোৰ ওপৰত আলফুলকৈ লিখিলোঁ--- "প্ৰতি, নীহাৰিকা দোলাকাষৰীয়া।"
হঠাতে কেইটোপালমান চকুপানী খামটোৰ ওপৰত পৰিছিল ৷ মই মোৰ চকুহাল আঁতৰাই আনিলোঁ ৷ বিষাদৰ কেইমুহূৰ্তমান পাৰ হ’ল। লাহেকৈ কোঠাটোৰ পৰা ওলাই মা ক’ত আছে চাবলৈ গ’লোঁ ৷ পিছফালৰ সেই অস্থায়ী চালিখনৰ তলতেই মা-দেউতা দুয়ো মন মাৰি বহি আছিল ৷ মই তেওঁলোকৰ একেবাৰে কাষ পালোঁগৈ ৷
'মা!’
০০০#০০০
Comments
Post a Comment