শিখা শৰ্মালিখনি। -মদাহী-
“হিমন্তই মদৰ বেপাৰ কৰিছে”
“তোমালোকে মদ খোৱা, বাধা নাই। কেৱল মদ খাই গাড়ী নচলাবা”
এইয়াই মদাহীলৈ হিমন্তৰ মৰমৰ বানী ৷
বিশ্বনাথ চাৰিআলিত মদাহীৰ বাবে অসম চৰকাৰৰ টল ফ্ৰী নাম্বাৰ ৷ কিমান মদ খাই খাওক। ভৰি পাক খাই গ’লে বা লেবেজান হৈ পৰিলে, তেনে মদাহীক ঘৰত থোৱাৰ দায়িত্ব অসম পুলিচৰ ৷ টেটুলৈকে মদ খাওক। মাজনিশা ঘৰত থৈ অহাৰ দায়িত্ব অসম চৰকাৰে লৈছে ৷ চহৰৰ অলিয়ে গলিয়ে মদৰ দোকান দি হেঁপাহ নপলোৱা চৰকাৰে, এতিয়া গাঁওবোৰত মদৰ ঘাটি বহুৱাই দিলে। “খা কিমান খাৱ” ৷ কৰোণাত সব দোকান বন্ধ ৷ গেলামাল আৰু মদৰ দোকান খোলা। মদৰ Home delivery কৰে হিমন্তৰ চৰকাৰে ৷ ইয়াতকৈ আৰু ঘৃণনীয় কাম কি হ’ব পাৰে ?
বৃটিছে অসমীয়াক কানি খুৱাই এচাম মূৰ্খৰ পৰা সকলো কাঢ়ি লৈছিল ৷ কানিয়া অসমীয়াই জীৱনত কঠোৰ পৰিশ্ৰম কৰিবলৈ টান পোৱা হ’ল। এতিয়া বৃটিচৰ আদৰ্শ সৰোগত কৰি, বিজেপিয়ে অসমীয়াক মদ খুৱাই মাৰিব খুজিছে ৷ কোনো ভদ্ৰ ঘৰৰ মানুহে মদ খাই পুলিচৰ ফ্ৰি গাড়ী মাতি ঘৰলৈ নাহে। ঘৈনীয়েকে চেন্দেলেৰে কোবাব। মাকে ঝাড়ুৰে কোবাব ৷ কিছুমান আহিব ৷ মদ খাই মাতাল হৈ, সাংবাদিকৰ কেমেৰাত মুখ জিলিকাই, পুলিচৰ লগত আহি ঘৰ সোমাব ৷ সেই মূৰ্খবোৰেই ইলেকচনৰ সময়ত মদ খাবলৈ পইছা দিয়াৰ বাবেই বিজেপিক ভোট দি জিকাব ৷ এইসোপা মদাহীৰ জীৱনৰ কোনো লক্ষ্য নাই ৷ নাই পৰিয়ালৰ প্ৰতি মৰম ৷ ইহঁত খাবলৈহে জন্ম লৈছে পৃথিৱীত ৷ মদ, মাংস, মাছ যি পায় তাকে খায় কেৱল জীয়াই থাকে ৷ ফ্ৰি পালে ফেনাইলো খাব ইহঁতে ৷
মদখোৱা মানুহৰ ঘৰবোৰত অশান্তি হয়। পত্নী বা মাতৃ, ভগ্নীয়ে বেয়া পায় ৷ মদ খাই অসলগ্ন হোৱা মানুহজনৰ কাষত শুই পত্নী গৰাকীয়ে নিৰলে উচুপে ৷ কাৰণ তেওঁ এজন মানুহৰ মাজত, দুজন মানুহৰ অস্তিত্ব লৈ জীয়াই থাকিব লগা হয়। এজন স্বাভাবিক পতি আৰু এজন মদাহী, অত্যাচাৰী পতি ৷ এই দোমোজাত পৰি মানুহগৰাকী অশান্তিত থাকিব লগা হয় ৷ তদুপৰি মদ খাই হোৱা বেমাৰবোৰৰ চিন্তাই তেওঁক খুলি খুলি খায় ৷
মদপীয়ে মদ নেৰে। এইটো পৃথিৱীৰ নিয়ম। তাৰ মাজত যদি কোনোবাই এৰিছে, তেন্তে তাৰ সংখ্যা অতি নগন্য ৷ মদপীয়ে কাৰো কথা নুশুনে। মদ খাবই। কিন্তু সেইবুলি ৰাইজৰ অভিভাৱক চৰকাৰে, ঘৰৰ পদূলিত মদৰ দোকান বহুৱাই দিব লাগেনে ? ঘৰত মদৰ ডেলিভাৰী দিব লাগেনে ? পুতেকে মদ খাই বুলিয়েই, মাকে বজাৰৰ পৰা আহোঁতে পুতেকলৈ মদৰ হাফ বটল এটা লৈ আহিবনে ? এইয়া এখন কল্যাণকামী চৰকাৰৰ লক্ষণ হয় নে ? কেৱল টেক্স লাগে বুলিয়েই, মানুহবোৰক খুল্লুম খুল্লা মদ খাবলৈ উদগনি যোগাব লাগেনে ?
কি দিন আনি দিলে বিজেপিয়ে ? কি ভয়ঙ্কৰ দিন আনি দিলে ? মদ, ভাং, কানি, দ্ৰাগছ একে পৰ্য্যায়ৰ নহয়নে ? লক্ষীপুৰত ভাঙৰ খেতি নষ্ট কৰা হিমন্তৰ চৰকাৰে, অসমৰ মানুহক ৩১ ডিচেম্বৰত মদ খুৱাবলৈ ইমান বিশাল আয়োজন কৰাৰ কাৰণ কি ? টকা সংগ্ৰহ ? এজন মানুহক মদ খুৱাই চৰকাৰে টেক্স পাব আৰু পৰিয়ালটোৱে অশান্তি পাব ৷ মদ খাই খোজ কাঢ়িব নোৱাৰা মদাহীক, চৰকাৰী গাড়ীৰে পুলিচে বিনাপইছাত গৈ ঘৰত থৈ আহিবগৈ ৷ মাত্ৰ টল ফ্ৰী নাম্বাৰত ফোন এটা কৰি দিলেই হ’ল ৷
“হায় হায় হিমন্ত, কিনো তোমাৰ লীলা,
শঙ্কৰদেৱৰ অসমীয়াক মদাহী কৰিলা”
হিমন্তই নক’লেও মদাহীয়ে মদ খাবই ৷ হিমন্ত মুখ্যমন্ত্ৰী হোৱাৰ আগতে কিবা মানুহবোৰে মদ খোৱা নাছিলনে ? যুগ যুগৰ পৰা মদৰ প্ৰচলন আছে ৷ হিমন্তই মদৰ আৰম্ভনি কৰা নাই নহয় ৷ কিন্তু কথা হ’ল, মদ খাবলৈ হিমন্তৰ চৰকাৰী উদগনি কিয় ? মদ খোৱাই খায়েই থাকিব ৷ একো ডাঙৰ কথা নহয় ৷ কিন্তু বাইদেউৰ ভোটেৰে জিকি মুখ্যমন্ত্ৰী হৈ, ভিনদেউক মদাহী কৰি গাড়ীৰে ঘৰত পহুচাই দিয়াতোহে হিমন্তৰ ডাঙৰ প্ৰতাৰণা ৷ নবৌৰ গালত চুমা খাই, ককাইদেউক মদৰ ঘাটিত বহুৱাই ৰখাটোহে এক ডাঙৰ ধোকাবাজি ৷
আমাৰ সংশয় হৈছে, এদিন হয়তো দ্ৰাগছৰো মুকলি তথা চৰকাৰী বেহা বহে নেকি ! কানিও পুনৰ প্ৰচলন হয় নেকি ! কাৰণ চৰকাৰৰ মানুহবোৰক উৰাজাহাজত ঘূৰাবলৈ বহুত টকাৰ দৰকাৰ ৷ আমাৰ ভোটেৰে জিকি, আমাৰ সমুখেদিয়েই কনভয় দৌৰাই মন্ত্ৰীগিৰি দেখুৱাবলৈ, ইহঁতক বহুত টকাৰ দৰকাৰ। এচাম ধোদৰ পছলা মানুহক স্কুটী, বাইক দি কিনি ৰাখি, ফেছবুকত কুকুৰৰ দৰে ভুকিবলৈ পুহি ৰাখিবলৈ এই ৰাজনেতাবোৰক বহুত টকাৰ দৰকাৰ ৷ সেই টকাবোৰ ক’ৰ পৰা আহিব ? ভাত, দাইল, ৰুটি, চাহ, গাখীৰ খাই থকা মানুহে, সিহঁতক লাহ-বিলাহৰ জীৱন দিব নোৱাৰে। সিহঁত ষ্টাৰ হোটেলত থাকিবলৈ মদাহীৰ জন্ম হ’বই লাগিব ৷ মন্ত্ৰীৰ ল’ৰাক ৪০ লাখ টকীয়া ফ্ৰাঞ্চ, অষ্ট্ৰেলিয়াৰ শিক্ষানুষ্ঠানত পঢ়ুৱাবলৈ, অসমীয়া মানুহ মদপী হ’বই লাগিব ৷ মদপীয়ে পকেটৰ টকাৰে মদ কিনি টেক্স দিয়া টকাৰে, বিজেপিৰ মন্ত্ৰী বিধায়কে ষ্টাৰ হোটেলত মিটিং পাতিব ৷ অসমৰ মানুহে মদ খাই নিজৰ লিভাৰ বেয়া কৰি বিচনাত পৰি দিব ৷ পৰিয়ালৰ নাকৰ পানীয়ে চকুৰ পানীয়ে একাকাৰ হ’ব ৷ ভাত লঘোণ হ’ব। আৰু হিমন্তৰ পুতেক ১৭ টা কোম্পানীৰ মালিক হ’ব ৷
এইবোৰকে ক’লে শিখা শৰ্মা গেদী হয় ৷ এশবাৰ বিয়া হোৱা মহিলা হয় ৷ আজমলৰ ঘৈণীয়েক হয় ৷ মিঞাৰ লু্ঙিৰ তলত সোমোৱা হয় ৷ ছিঃ অসমীয়া ৷ ইমান বেয়া মানসিকতানে তোমালোকৰ ? শিখা শৰ্মাৰ ঘৰৰ মানুহে মদ, ভাং, দ্ৰাগছ, চিগাৰেট, পাণ, জৰ্দা, ৰজনীগন্ধা, চিখৰ, গুটখা, চাদা একো নাখায় ৷ এইবোৰ কথা মই মোৰ পৰিয়ালৰ স্বাৰ্থৰ বাবে কোৱা নাই ৷ মোৰ ৰাজ্যৰ ককাই-ভাই-ভনীসকলৰ বাবেহে কৈছো ৷ তাকে ক’লে মই বেয়া মানুহ হওঁ ! বিতৰ্কিত লেখিকা হওঁ !
ভাইহঁত, বাইহঁত
তহঁতক জীয়াই থাকিবলৈ কৈছো ৷ মদে জীয়াই থাকিবলৈ নিদিয়ে ৷ আজি মদ, কাইলৈ দ্ৰাগছ ৷ চৰকাৰে দিলেই যেনিবা, তহঁতেনো খাব লাগেনে ? তহঁত মৰিলে চৰকাৰৰ কি যায় অ’ ? তহঁতৰ পৰিয়ালৰ তুলসীজোপাই হে কান্দিব ৷ ঘৈণীয়েৰৰ বুকুত একুৰা জুই জ্বলিব ৷
মাৰজনী বলিয়া হ’ব ৷ ভনীয়েৰ অকলশৰীয়া হ’ব ৷ আৰু ল’ৰা-ছোৱালীকেইটা নিঠৰুৱা হ’ব অ’ ৷ হিমন্তৰ একো নাযায়। কোটি কোটি টকা গোটাই ল’লে ৷ আৰু ল’ব ৷ তহঁতৰ পেটত মদৰ পইজন ভৰাই দি, হিমন্তই টকা গোটাই ল’ৰাক বিদেশত পঢ়ুৱাব ৷ উৰাজাহাজ কিনিব ৷ তহঁতৰ চোতালবোৰ নিজম পৰিব ৷ মদে তহঁতক অকালতে মৃতদেহ বনাই পেলাব ৷ ভৰ বয়সতে বগা কাপোৰৰ তলত শুই পৰিবি তহঁত ৷
চৰকাৰে আমাৰ কথা নুশুনে ৷ কাৰণ চৰকাৰক টকা লাগে ৷ মদাহীৰ সৃষ্টি কৰা চৰকাৰে, শিক্ষাৰ ক্ষতি হোৱাকৈ কোনোবাদিনা লকডাউন দিয়েহে লাগে ৷ বেমাৰৰ মিছা প্ৰচাৰ কৰিবলৈ, বাতৰি কাকত আৰু টিভি চেনেলবোৰ আছেই নহয় ৷ টিভিয়ে বঢ়ালেই কভিদ বাঢ়িব ৷ টিভিয়ে কমালেই কভিদ কমিব ৷ তাৰ মাজতে আৰু কি কি ভেকচিন ওলাই, সেয়াও ৰাইজে ল’ব লাগিব ৷ কোটি কোটি টকা ৰাজকোষৰ পৰা দি চৰকাৰে ভেকচিন কিনিব ৷ ভেকচিন লৈ ৰাইজে কাৰ্ফিউ পালন কৰিব ৷ ভেকচিন লৈ লকডাউনলৈ বাট চাব ৰাইজে ৷ এইয়াই আজিৰ গণতন্ত্ৰ ৷ য’ত ভেকচিন ল’বই লাগিব ৷
“কিহৰ ভেকচিন”
বুলি প্ৰশ্ন কৰাৰ অধিকাৰ নাই ৷ প্ৰশ্নৰ উত্তৰ জেলত পাব ৷ থানাৰ লকআপৰ চেঁচা মজিয়াত পাব ৷
“প্ৰশ্ন নকৰিব ৷ ভেকচিন লৈ থাকক আৰু বছৰে বছৰে লকডাউন উপভোগ কৰি থাকক ৷ বস্তুৰ দাম বাঢ়িছে ৷ আহাৰ নাখাব ৷ ভেকচিন লওক আৰু লকডাউন, কাৰ্ফিউ মানি চলক ৷ সাৱধান, কৰোনা আহিছে ৷ অমুকত ইমান মানুহ মৰিছে ৷ কৰোনা কেতিয়া যাবগৈ, সেয়া আমি কৈ দিম”
মদ খাওক আৰু দেশৰ উন্নয়নত আপোনাৰ বৰঙনি যোগাওক ৷ তেতিয়া আমি আপোনালোকৰ সহযোগিতাক আন্তৰিকতাৰে স্বীকাৰ কৰিম ৷ “আধুনিক অসমৰ নিৰ্মাতা” বুলি ইতিহাসে মদাহীক যুগে যুগে মনত ৰাখিব ৷
নতুন অসম সোণৰ অসম গঢ়োতা কোন ? উত্তৰ- নিঃসন্দেহে মদপীবোৰ ৷
ৰাইজ,
নতুন বছৰৰ শুভেচ্ছা জনালো ৷ মদপীসকলৰ অশেষ প্ৰচেষ্টাত মদিৰমায় হওক ২০২২ ৷ মদ অসমৰ সংস্কৃতি হোৱাৰ উমান পালো ৷ মদ অসমৰ সম্পদ হোৱাৰ লক্ষণ দেখিলো ৷ মদ খাওক আৰু মন্ত্ৰীক ডলাৰপতি বনাওক ৷ মদ খাওক আৰু সোনকালে মৰক ৷ মদ খাওক আৰু বঙালী, বিহাৰী, পঞ্জাৱী, নেপালী আৰু মাৰোৱাৰীৰ হাতত নিজৰ চোতালখন আৰু অসমীয়া ভাষাটো গতাই দিয়ক ৷
সোণৰ অসম গঢ়াৰ সপোন দেখুৱাই, বৰ অসমক টুকুৰা টুকুৰ কৰি, মদৰ ঘাটি পতাত সহযোগ কৰা অসম গণ পৰিষদ ধ্বংস হওক। আমাৰ মৰমৰ, হেঁপাহৰ, আদৰৰ বুকুৰ আপোন আছিল AGP. সেই ধোকাবাজ AGP ৰসাতলে যাওক ৷ RSS সদায় বৃটিচৰ সমৰ্থক আছিল ৷ সেই RSS ৰ আঙুলিৰ ঠাৰত নচা বিজেপি, কোনোদিন ভাৰতবৰ্ষৰ বন্ধু নাছিল আৰু কোনোদিন হ’ব নোৱাৰে। কিন্তু অসমীয়াৰ আবেগক লৈ খেলা কৰা অসম গণ পৰিষদক হে আচৰিত পালো ৷ জাতি ধ্বংসৰ ষড়যন্ত্ৰত ইহঁত দেখোন ভালদৰেই চামিল ৷
ক’ত গ’ল আলফা পৰেশ বৰুৱা ? এসময়ত মদ খোৱা মানুহক কাণত ধৰাই ৰাজপথত আঁঠু কঢ়াই ৰাখিছিল নহয় আপুনি ? এতিয়া ক’ত শুই আছে আপুনি ? দেখা নাই হিমন্তই যে অসমৰ মানুহক মদ খুৱাই মাৰিব খুজিছে ? দেখা নাই আপুনি পৰেশ বৰুৱা ? ক’ত গ’ল আপোনাৰ জাতি প্ৰেম ? ক’ত গ’ল আপোনাৰ বৰ বৰ হুঙ্কাৰ ? নে হিমন্তৰ মায়াজালত আপুনিও বন্দী ? নে হিমন্তই আপোনাকো কিনি পেলালে ? উত্তৰ দিয়ক পৰেশ বৰুৱা ৷ অসমীয়া মানুহক মদাহী বনোৱাৰ ষড়যন্ত্ৰ আপুনি শুনি পাইছেনে নাই ? আপুনি দেখোন সকলো অন্যায় দেখি শুনিও চুপচাপ লুকাই আছে ৷ এষাৰ মাতো মতা নাই কিয় ? আপোনাৰ নিৰবতাৰ কাৰণ আমি কি বুলি ভাবিম ?
বৃটিছে কানি খুওৱাৰ আদৰ্শৰে হিমন্তই অসমীয়াক মদ খুৱাইছে ৷ এতিয়া পৰিয়ালবোৰ সাজু হওক মদাহীৰ অত্যাচাৰ সহ্য কৰিবলৈ ৷ কাৰণ এতিয়া মদাহীক পুলিচে একো নকৰে ৷ মদ খাই ঘৰত আহি পৰিয়ালক মাৰপিত কৰিলেও পুলিচে পৰিয়ালৰ এজাহাৰ নলয় ৷ ল’লেও কৰবাত পেলাই থ’ব ৷ কাৰণ মদ খাবলৈ বিজেপি চৰকাৰে সব সুবিধা কৰি দিছে ৷ মতাবোৰে মদ খাব আৰু ঘৈণীয়েকবোৰে মদাহীৰ পিটন খাব। মাজত লাভ চৰকাৰৰ ৷ ইয়াত কাৰো আপত্তি নাখাটিব ৷
ৰাইজ,
মদাহীক ৰঙা গামোছাৰে আদৰক ৷ কাৰণ দেশৰ খৰছ মদাহীয়ে বহন কৰিছে ৷ নিজৰ পেটত পইজন সুমুৱাই, নিজৰ পেটত লিভাৰ কেঞ্চাৰ, কিডনী বিকল, পেটৰ কেঞ্চাৰ আদিৰ সম্ভাৱনা লৈয়ো এওঁলোকে পৰিয়াল, সন্তান, মাক দেউতাকৰ কথা নাভাবি, মদ খাই দেশৰ উন্নয়নত বৰঙনি যোগাইছে ৷ গতিকে এওঁলোকহে প্ৰকৃত সন্মানৰ গৰাকী ৷ এওঁলোকক পদুম ফুলৰ একোডাল একোডাল লম্বা মালা পিন্ধাও আহক ৷
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
গুৱাহাটী
৩১/১২/২০২১
(শ্বেয়াৰ আৰু নামসহ কপি কৰাত বাধা নাই ৷ কিন্তু কোনেও পষ্টটো বিকৃত ৰূপত বা নিজৰ কথা সংযোগ কৰি প্ৰচাৰ নকৰিব )
বিঃদ্ৰঃ এতিয়া ইয়াত মদাহীবোৰে ভুকিবহি চাব দেই ৷ মদৰ জালত আছে যে। খুব বকিবহি ৷
Comments
Post a Comment