সীমিত



✍️বাণীকান্ত লহকৰ

সীমিত সকলোতে
মোৰ ধ্যান ধাৰণা, ইচ্ছা শক্তি জ্ঞান বুদ্ধি
বন্ধু বান্ধবী
মোক আটাইতকৈ ভালপোৱা, বেয়া পোৱা জন

 কবিতা কবিতা নহয় বুলি কোৱা
 মোৰ কবিতা ভাল পোৱা
অকল মোক ভালপোৱা

মই কবিতা লিখিলে খং কৰা
নিলিখিলে লিখিবলৈ কোৱা
মোৰ এটাও কবিতা নপঢ়াকৈ
ভাল বুলি কোৱা

আচৰিত! খং কৰা জনকে কেতিয়াবা ভাল লাগে

ভাবি চিন্তিত লিখা 
নভবাকৈ লিখি দিয়া 
নিৰ্মাণ শিল্পকলা বিশ্বাস ৰখা
একোকে বিশ্বাস নকৰা
অকল ক'লা আখৰক  বাট দেখুওৱা

মোৰ দুখত আৰু সুখতো সমভাগী হোৱা
নিলিখিলে সোধা
লিখিলে , কি লিখিছে এইবোৰ? 
মোৰ সঞ্চয়, ব্যয় দৈনন্দিন

নতুন বছৰ অহাৰ বাবে আমি সঁচাকৈয়ে সুখী হৈছোনে  ? 
নে আনক দেখুৱাই অভিনয় কৰিছো? 
আনৰ লগত তাল মিলোৱা  আদি ইত্যাদি 

যি কুশল মংগল বাৰ্তা প্ৰেৰণ কৰিছোঁ
সেয়াও সীমিত
ই কাৰোবাৰ কামত আহিবনে 
নাজানো 

সীমিত পৰিবেশত কেবল মাত্ৰ অসীম মন
ভাল হ'ব, ভাল দিন আহিব 
সকলোৰে।

Comments

Post a Comment

Popular posts from this blog

*ঈপ্সা*

বনৰীয়া হাতিৰ উপদ্ৰৱ

বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল.