#তিতাবৰৰ মিঠা সোৱাদ”
সেইদিনা আছিল ৩০ নবেম্বৰ ৷ ২০২১ ৷ সেই সময়খিনিত মই উজনিৰ মোৰ জন্ম জিলা গোলাঘাটত আছিলো ৷ সেইদিনা গোলাঘাটৰ পৰা নাহৰণিত সোমাই, নাহৰণি মাজগাঁৱৰ উচ্চশিক্ষিত যুৱক তথা তবলিগ জামাতৰ কৰ্মী ৰাতুল হুচেইনৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি, মই যোৰহাট জিলাৰ তিতাবৰলৈ যাত্ৰা কৰিলো ৷ ভিতৰুৱা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গৈ আছিল মোৰ ব্যক্তিগত বাহনখন ৷ চালকৰ চিটত মোৰ স্বামী নিবিড় শৰ্মা ৷ পিছৰ চিটত মোৰ সন্তান ৷ অসমৰ বাহিৰতে বেছিভাগ সময় পাৰ কৰি অহা মোৰ সন্তান উজনি ভ্ৰমণৰ আনন্দত আপ্লুত ৷ গোলাঘাট জিলাৰ ভিতৰুৱা ঠাইসমূহৰ নিজান পৰিৱেশত সিহঁত ডুব গৈ আছিল। আত্মবিভোৰ সন্তান কেইটালৈ চাই মোৰ মনটো কিছু সেমেকিল ৷ সিহঁতক অসমৰ পৰা বহুবছৰ আঁতৰাই ৰাখি, এতিয়াহে অসমৰ পৰিৱেশত এৰি দিব লগা হোৱাৰ দুখে, মোক সদায় আমনি কৰে ৷ জন্মভূমিত থকাৰ আমেজেই বেলেগ ৷ যিটো মোৰ সন্তানে এতিয়াহে উপলব্ধি কৰিব পাৰিছে ৷ গাড়ীৰ ৰিয়েৰ ভিউত সিহঁতলৈ চালো ৷ সিহঁতৰ কোমল মুখকেইখনৰ সতেজ চকুকেইজুৰিত দেশপ্ৰেমৰ জলমল ছবি ৷
: ৰাতুল হুছেইনৰ ঘৰৰ ক’লা তেল পিঠাখন বৰ ভাল লাগিল ন ?
নিবিড়ৰ মাতত মই মূৰ দুপিয়াই শলাগিলো ৷ মনৰ চোতালত ৰাতুল হুছেইনৰ ঘৰখনৰ দুৱাৰবোৰ খুলি পৰিল ৷ খিড়িকীবোৰ দুফাল হৈ পৰিল ৷ মই সোমাই গ’লো সজীৱ সোঁৱৰণীলৈ ৷
হয়, আমাক ক্ষণিকতে আত্মীয়তাৰে বান্ধি পেলালে ৰাতুল হুছেইনৰ গোটেই পৰিয়ালটোৱে ৷ সাদৰী মাকজনীৰ মৰমত এনে লাগিল, মই যেন মোৰ ওপজা ঘৰলৈহে গৈছিলো ৷ ৰাতুলৰ ভতিজাক, উদ্যমী গাভৰু কেইজনীৰ হাতৰ আহাৰৰ স্বাদ মই কোনোদিন নাপাহৰোঁ ৷
কথাবোৰ ভাবি ভাবি গৈ কেতিয়ানো তিতাবৰ পালোগৈ গমকে নাপালো ৷ বাটৰ পৰাই আদৰি নিলেহি তিতাবৰৰ বাসিন্দা, অতি অমায়িক ব্যক্তি তৌফিকুৰ ৰহমানে ৷
তৌফিকুৰ ৰহমানৰ ঘৰত কটোৱা সময়ৰ বিষয়ে মই আগতে লিখিছিলো ৷ এইবাৰ অন্য এটা কথাহে লিখিব খুজিছো ৷ তৌফিকুৰ ৰহমানৰ আটোমটোকাৰী ঘৰখনত, এগৰাকী জোন যেন মহিলা আছে ৷ বিদ্যুৎ বিভাগৰ কৃপণালী আছিল চাগৈ মই তিতাবৰলৈ যোৱাৰ দিনা ৷ লাইটৰ ভল্টেজ কিছু কম আছিল। আমাক খোৱা কোঠালৈ মাতি লৈ গৈছিল তৌফিকুৰ ৰহমানে ৷ টেবুলখনত হাত থ’বলৈ জেগা নাই। ডাঙৰ ডাইনিং টেবুলখনত, বিভিন্ন খোৱা বস্তুৰ প্ৰয়োভৰত মই হাতখন ক’ত ৰাখিম সেয়া ভাবিব লগা হৈছিল ৷ ৰুমটোত পোহৰ তুলনামূলকভাৱে কম আছিল ৷ হাতত Bowl এটা লৈ মহিলাগৰাকী সোমাই আহিল ৷ নিমিষতে কোঠাটো পোহৰ হৈ পৰিল। তৌফিকুৰ ৰহমানৰ জোন যেনকৈ জিলিকি উঠা সহধৰ্মিনীগৰাকীৰ আন্তৰিকতাপূৰ্ণ হাঁহিয়ে মোক আত্মীয়তাৰ সাগৰত ডুবাই ৰাখিলে ৷
অপূৰ্ব সোৱাদৰ ব্যঞ্জনবোৰ খাই থাকোতে বৰ মৰম লাগি গ’ল মানুহগৰাকীলৈ ৷ কি সুস্বাদু তেখেতৰ হাতৰ ব্যঞ্জন ৷ মোৰ এনে লাগিল, মই যেন কোনোবা নামী ৰেষ্টোৰাঁৰ অসাধাৰণ তৃপ্তি উদৰস্থ কৰিছো ৷ আচৰিত তৃপ্তিকৰ পৰঠা কেইখনে আজিও মোৰ সৰু ল’ৰাটোক Nostalgic কৰি তোলে ৷ নিজৰ ঘৰ আৰু ৰেষ্টোৰাঁৰ বাদে, আন ঠাইত খাবলৈ বৰ টান পোৱা মোৰ সৰু ল’ৰাটোৱে, প্ৰথমবাৰৰ বাবে আনৰ ঘৰত নিজ ইচ্ছাৰে ভালদৰে খাইছিল সিদিনা ৷
মই খাই বেয়া পাওঁ যদিও, তৌফিকুৰ ৰহমানৰ মৰমৰ দাবীত সিদিনা খাবলৈ বাধ্য হৈছিলো ৷ দম্পত্তি যোৰাই মোক ইটোৰ পিছত সিটো Snacks দি গৈছিল ৷ মই নাখাওঁ বোলাত জোৰ কৰি কৈছিল---
----বাইদেউ আমি নিজ হাতে বনাইছো এইবোৰ ৷ সকলোৰে অকন অকন আপুনি খাবই লাগিব আৰু কেনে হৈছে ক’লে, আমাৰ ভাল লাগিব ৷
কেনে হৈছে ক’বলৈ ভাষাই নাছিল ৷ প্ৰত্যেকটো বস্তুৰ কি অপূৰ্ব সোৱাদ ৷ তাৰ ভিতৰত সুস্বাদু নিমকীকেইখন মই কোনোদিনেই পাহৰিব নোৱাৰিম। মই আচৰিত হৈছিলো, নিমকীও ইমান সোৱাদভৰা হ’ব পাৰেনে ? অলেখ নাম নজনা মিঠাই আৰু নমকিনেৰে ভৰি আছে টেবুলখন ৷ কি খাম, কি এৰিম ! কাষতে গৃহস্থ ৰৈ আছে ৷ উঠিবলৈয়ে নিদিয়ে ৷ খোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা বুদ্ধি কৰিলো ৷ ইঙ্গিতেৰে নিবিড়ক মোৰ হৈয়ো কিছু খাই দিবলৈ কৈ, মই কথা পতাত লাগিলো ৷
: আপোনালোকে দেখোন ব্যৱসায়িক ভিত্তিত এইবোৰ বস্তু চলাব পাৰে ৷ ইমান সুন্দৰ হৈছে খাবলৈ ৷
: বাইদেউ, আমাৰ এখন দোকান আছে ৷ তিতাবৰতে ৷ নামটো “সোৱাদ”
মুহূৰ্ত্ততে মনটো ভাল লাগি গ’ল ৷ তাৰমানে প্ৰতিভাখিনিৰ প্ৰসাৰ হৈছে ৷ তিতাবৰৰ ৰাইজেও তেন্তে এখেতসকলৰ হাতৰ সুস্বাদু বস্তু খাবলৈ পাইছে ৷
: বাইদেউ মই আচলতে আন কাম হে কৰিছিলো ৷ লকডাউনত কাম বন্ধ হৈ যোৱাত, এই কামটোতে সম্পূৰ্ণ মনোনিৱেশ কৰিলো ৷
: দোকান হ’বলৈ হ’লে সহায়কাৰী লাগিব নহয়। কাৰিকৰ ৰাখিছেনে ?
: নাই নাই বাইদেউ ৷ আমি দুয়োজনে নিজেই বনাওঁ ৷ কাৰিকৰ ৰাখিলে টকাও দিব লাগিব নহয় ৷ আৰম্ভ কৰিছোহে ৷ পাছলৈ চাওঁচোন কি হয় !
: অসুবিধা নহয়নে ?
: কষ্ট হয় ৷ নিচেই পুৱাতেই সকলো যোগাৰ কৰি লৰালৰিকৈ দুয়োজন বনোৱাত লাগি যাওঁ ৷ তাৰপাছত বস্তুবোৰ লৈ দোকানত বহোগৈ ৷
: বিক্ৰী কেনেকুৱা ?
: বেয়া নহয় বাইদেউ ৷ ৰাইজে ভাল পাইছে। অৰ্ডাৰ পাওঁ ৷ যোৰহাটৰ পৰাও অৰ্ডাৰ আহে ৷ এনেকৈয়ে চলাই আছো পৰিয়ালটো ৷
খুব ভাল লাগিল কথাবোৰ শুনি ৷ আহিবলৈ ওলালো ৷ তৌফিকুৰ ৰহমানে মোৰ হাতত এটা টোপোলা গুজি দিলে ৷ নিজে বনোৱা বিভিন্ন Snacks ৰ টোপোলা ৷ নিশা আহি গোলাঘাটৰ নামবৰ গেষ্ট হাউছ পালোহি ৷ তাৰপাছত আকৌ নতুন আমোলাপট্টিৰ মোৰ মাৰ জন্মৰ ঘৰখনলৈ ওলাই গ’লো ৷ ককা-আইতাৰ স্মৃতি বিচাৰি ৷ তাত এতিয়া ডাঙৰ মামাৰ বিশাল পৰিয়াল থাকে ৷ ১ ডিচেম্বৰত বিয়া খালো ৷ ২ তাৰিখে গুৱাহাটীলৈ আহি ৩ তাৰিখে ধুবুৰীলৈ গ’লো ৷ ৫ তাৰিখে নিশা গুৱাহাটী পালোহি ৷ ৬ তাৰিখেও পাহৰি গৈ, ৭ তাৰিখে আবেলিহে কেৰীবেগৰ পৰা তৌফিকুৰ ৰহমানে দিয়া Snacks উলিয়াই চাহৰ লগত খালো ৷ একেই মচমচীয়া হৈ আছে। সেমেকাই নাই ৷ কন্টেনাৰত ভৰাই থ’বলৈ পাহৰি যোৱা Snacks খিনি, তৌফিকুৰ ৰহমান আৰু তেখেতৰ পত্নীৰ হাতৰ কি যাদুৰ পৰশত, ৮ দিনৰ পাছতো মচমচীয়া হৈ থাকিল, সেয়াহে মোৰ বাবে ৰহস্যৰ বিষয় হৈ ৰৈ গ’ল ৷
তৌফিকুৰ ৰহমানৰ “সোৱাদ” লৈ মোৰ শুভকামনা থাকিল ৷ আজি নতুন বছৰৰ প্ৰথম দিনটোত, এজন অসমীয়াৰ ব্যৱসায়ীক, তেখেতৰ ব্যৱসায়ৰ যাত্ৰাটো সুচল কৰিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো ৷
তৌফিকুৰ ৰহমান আৰু তেখেতৰ পত্নীৰ অপৰিসীম কষ্টৰ ফলশ্ৰুতিত, তিতাবৰত গঢ় লৈ উঠা “সোৱাদ” তিতাবৰৰে নহয়, সমগ্ৰ অসমৰ গৌৰৱ হওক ৷ ৰাইজে তেখেতৰ এই যাত্ৰাত সহযোগিতাৰ পৰশ সানক ৷ ৰাইজে “সোৱাদ” ত সোৱাদ বিচাৰি পাওক ৷
সেই আশাৰেই----
শিখা শৰ্মা
গুৱাহাটী
১ জানুৱাৰী ২০২২
Comments
Post a Comment