# সপোন কোঁৱৰ
============
অনন্ত কুমাৰ ভূঞা
তই ভাঙিব লাগিব দুখৰ প্ৰাচীৰ
তই গঢ়িব লাগিব আশাৰ গম্বুজ
আবেগৰ ভাষণত উত্তেজিত নহবি
ইতিহাসে ইতিকিং কৰিব জাতিক
তই যোগ্য নাগৰিক আমাৰ সমাজৰ
তই গঢ়িব লাগিব এখন মানুহৰ সমাজ
তই সাজিব পাৰিবি শান্তিৰ নিলয়
প্ৰশান্তিৰ সান্নিধ্যত সপোন বিলাবি
ভাগ ভাগ হবলৈ নিদিবি ধুনীয়া সমাজ
নীতি শিক্ষাৰে কৰিবি আমাক সজাগ
বেঙা বোৰ কোঙা হ'বলৈ এৰি নিদিবি
চিঞঁৰি চিঞঁৰি সাহসেৰে মানুহ জগাবি
শান্তিৰ সমদলত তই নেতৃত্ব দি থাকিবি
তইয়েই ডেকা তইয়েই হবি দেশৰ নেতা
সমন্বয়ৰ সেতু ভাস্কৰ্যৰে সজাই তুলিবি
জনতাক হাতত ধৰি লৈ আগুৱাই যাবি
তই অনুজ অগ্ৰজ সকলৰ সপোন কোঁৱৰ।
=============================
অনন্ত কুমাৰ ভূঞা
=============================
Comments
Post a Comment