ঈগল কুকুৰা হোৱাৰ কাহিনী


ঈগল কুকুৰা হোৱাৰ কাহিনী

বাণীকান্ত লহৰ

কওঁ শুনিবা, হয়তো তুমিওঁ জানা
ঈগল কুকুৰা হোৱাৰ কাহিনী
এই কাহিনীত পায় 
কুকুৰা গড়ালৰ গৰাকীয়ে ঈগলৰ পোৱালি এটি পায় 
কুকুৰাৰ লগতে থলে গড়ালত ভৰাই
খাওঁতে,শুৱতে, উঠতে বহোতে 
ঈগলে কুকুৰা জাক পাই 
নিজৰ নাম, কাম পাহৰি যায়
ই সুধিলে কু-কু-কক্ কক্
সি সুধিলে কু-কু-কক্ কক্ 
গৰাকী একো গমকে নাপায় 
চকু সৰু হাতীয়ে অকণমানি গছতে 
নিজকে লুকাই ভাবে 
তাক কোনেওঁ দেখা নাই
তদনুৰূপ এনে কত কবি আছে 
যিয়ে নিজকে চিনা নাই 
ঈগল চৰাই ডাঙৰ হ'ল
আকৃতি বদলি গ'ল 
কুকুৰাৰ লগত দেখাত কোনো মিল নাই
এদিন দুদিন কৰি গড়ালৰ গৰাকীয়ে
ঈগলক  দিয়ে সোঁৱৰাই
প্ৰচণ্ড শক্তিৰ গৰাকী তুমি
কি দুখত আছা কুকুৰাৰ গড়ালত সোমাই? 
যোৱা উৰি আকাশ কঁপাই
নাই নোৱাৰো, উৰিব নাজানো, নিজক কেনেকৈ চিনে  ? 
কুকুৰাবোৰে চোন মোৰ সহোদৰ 
খাওঁতে উঠতে বহোতে যিটো শিকিছো সদায় 
ইকি হায়! ঈগল পৰি ৰৱ কুকুৰা হৈ সদায় 
লাহে লাহে কৈ কুকুৰা বোৰে ঈগলৰ পৰা আঁতৰি ফুৰে 
ভয়তে প্ৰাণ ধুপুচ ধাপাচ কৰে 
বাহিৰত কিন্তু তাক প্ৰকাশ নকৰে 
পাখি লগা কাঁড়ৰ পিঠিত উঠি 
সময়ে আছিল কবিতা লিখি 
সময়ৰ বৰ অসহ্য হ'ল
দু হাতেৰে কোবাব ল'লে বৰ ঢোল
চাৰিওফালে ৰজন জনাই গ'ল
এন্ধাৰৰ দৰ্জা ঠেলি ঠেলি পোহৰ আগুৱাই গ'ল
উদ্বিপ্ত সূৰ্যৰ ৰশ্মিয়ে এন্ধাৰৰ দেশত 
তুলিলে অশান্ত সাগৰৰ দুৰ্বাৰ জোৱাৰ
থৰ থৰ কঁপিছে প্ৰলয়ৰ বিনাশী বতাহত গতিৰোধক শিলবোৰ 
সেই বতাহৰ তাণ্ডব নৃত্যত 
খোলা খালে ঈগলৰ মন মন্দিৰত লিপিটখাই বন্ধ হৈ থকা আত্ম বিশ্বাস
আৰু প্ৰত্যয়ৰ প্ৰাচীৰ 
আপোনা আপোনি স্বয়ং চালিত যানৰ দৰে 
মেল খালে সুবৃহৎ পাখি দুখনি 
আৰু নিমিষতে উৰি গ'ল আকাশ মাৰ্গলৈ
কোনে জানে কোন পলকত দুভৰিৰে 
খামোচি নিব একোটা বৃহৎ জীৱ।

Comments

Popular posts from this blog

*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._*

: তোমাক হেৰুৱাইও সুখী:

*_পুলিচৰ লীলা বুজাৰ সাধ্য নাই!..._*