নবীন প্ৰজন্ম

তুমি বাৰিষাৰ ভৰা নৈ,
মেঘমুক্ত স্নিগ্ধ আকাশ,
শস্য শ্যামলা পথাৰ,
জলন্ত অগ্নি শিখা,
গংগাৰ স্বচ্ছ নিৰ,
ধৰ্মৰ ৰহণ মচি দি
হিংসা বিদ্বেষ গুচাই,
মৰম স্নেহৰ ভাষাৰে
অস্থিৰ সমাজখনক
গঢ়া কৰি সুস্থিৰ‌ ।

তুমি বাহুবলী পৰাক্ৰমী
অপ্ৰতিৰোধ্য যোদ্ধা,
হে দুপৰীয়াৰ তপ্ত সূৰ্য
ৰশ্মি লুকুৱাই নথবা !
বাস্তবত ধৰাত ঘৃণা
হেজাৰ কিয় নেথাকক,
তোমাৰ আগমনত এদিন
স্বাৰ্থপৰজন বদলি যাওক,
অন্যায়ৰ পৰাজয় হ‌ওক,
তোমাৰ অদম্য প্ৰচেষ্টাত
গোটেই বিশ্ব‌ই এবাৰ
মানৱতাৰ জয়গান গাৱঁক।

Comments

Popular posts from this blog

*ঈপ্সা*

বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল.