*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._* _হে প্ৰিয় নৱবৰ্ষ স্বাগতম তোমাক, তোমাৰ আগমন শুভ হওঁক। তুমি আহিছা ভালেই হ'ল, আমি তোমাৰেই অপেক্ষা কৰি আছিলোঁ! তোমাৰ আগমন সাৰ্থক হওঁক। তুমি কি উপহাৰ লৈ আহিছা আমাৰ বাবে সেইটো হ'লে নুসুধো, বিশ্বাস কৰিব পাৰি তুমি অবশ্যই ধৰাৰ বুকুলৈ শান্তিৰ বাৰ্তা লৈ আহিছা। তুমি মানৱ জাতিক একতাৰ ডোলেৰে বান্ধিবলৈ এডাল মজবুত ৰচী লৈ আহিছা, দেশ তথা দহৰ সৰ্বাংগীন উন্নতি সাধিবলৈ তুমি ছাগে আলাউদ্দিনৰ চাকি লৈ আহিছা, স্বাগতম তোমাক, তোমাৰ আগমন পৃথিৱীবাসীৰ বাবে হিতকাৰক হওঁক।_ _সদ্য বিদায়ী ২০২১ বৰ্ষটোৱেও তোমাৰ দৰেই বহু আশা বুকুত বান্ধি লৈ আহিছিল মানৱ সমাজত, ব্যৰ্থ হোৱা বুলি নকলেওঁ সি তাৰ সপোনবোৰ ১০০% বাস্তৱায়িত কৰিব পৰা নাছিল। আমি নকওঁ তুমি নোৱাৰিবা বুলি, নিশ্চয় পাৰিবা! পিছে তুমি এই ধৰাৰ পৰিবেশ-পৰিস্থিতিৰ বিষয়ে অৱগত নে? কিজানি নহয়, সদ্য বিদায়ী ২০২১ বৰ্ষই যদি তোমাক চমূ আভাষ দি গৈছে সেইটো হ'লে নাজানোঁ, তথাপিও কওঁ; বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ "ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গনতান্ত্রিক গণৰাজ্য দেশ"। আবহমান কালৰে প...
Comments
Post a Comment