সমবায় সমূহে আৰু কিমান দিন বাকীত ভাত খুৱাব হিমন্তৰ ভোটাৰক”
“সমবায় সমূহে আৰু কিমান দিন বাকীত ভাত খুৱাব হিমন্তৰ ভোটাৰক”
(2021 চনৰ শেষ পষ্ট ৷ যোৱা বছৰটোত আপোনালোকৰ সীমাহীন সঁহাৰিৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো🙏 আমাৰ মাজৰে এচাম মানুহৰ এক ভয়ঙ্কৰ সমস্যা লৈ, বছৰটোৰ শেষ পষ্টটো লিখিলো ৷ আশাকৰোঁ আপোনালোকে সঁহাৰি জনাই পষ্টটো শ্বেয়াৰ কৰি, ৰজাঘৰৰ কাণত পেলাই, সমবায়ৰ গৰাকীসকলক টকাখিনি পোৱাত সহায় কৰে যেন।)
মোদী চৰকাৰে দুখন ফ্ৰি চাউলৰ আঁচনিৰে ভাৰতত চাউল বিলাই আছে ৷ এখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। NFSA 13. আনখন প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনা 2019.
খাদ্য সুৰক্ষা আইনখন ২০১৩ চনত কংগ্ৰেছে অনা আইন। ২০১৪ চনত মোদী জিকিলেই নহয়। গতিকে কংগ্ৰেছে অনা আইনখন মোদীৰ দিনতহে কাৰ্য্যকৰী হ’লগৈ ৷ তাতে আকৌ মোদীৰ কি লেভেল ৷ কংগ্ৰেছে পাৰি থোৱা পীৰাত বহিয়েই কংগ্ৰেছকে তুলাধুনা দিয়ে মোদীয়ে ৷
দুয়োখন “চাউল আঁচনিত” গাইপতি ৫ কেজিকৈ চাউল দিয়া হয় ৷ মানে এজন মানুহে দুয়োখন আঁচনিৰ পৰা মাহেকত মুঠ দহ কেজিকৈ চাউল বিনাপইছাত আৰু ৰাইজৰ টেক্সৰ টকাৰে খাই আছে ৷ এই চাউলৰ বাবদ খৰছ হোৱা টকা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা যায় ৷
অসমত এই ফ্ৰি চাউল বিতৰণৰ দায়িত্ব সমবায় সমিতি সমূহৰ ৷ অসমত প্ৰায় 839 খন সমবায় সমিতিয়ে এই ফ্ৰি চাউল বিতৰণ কৰি আছে ৷ এই চাউল যোগান ধৰাৰ বিনিময়ত, সমবায় সমিতি সমূহক এটা কমিচন আৰু পৰিবহন ব্যয় চৰকাৰে প্ৰদান কৰে ৷ এই টকাটো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত শ্বেয়াৰ কৰি দিয়া হয় ৷
সমবায় সমূহে প্ৰতি কুইন্টল চাউলত কমিচন পায়---
42.90 Rs. Per Quintal.
আৰু প্ৰতি কুইন্টলত পৰিবহন খৰছ পায়---
136 Rs. Per Quintal.
কিন্তু অতি দুখৰ কথা যে, অসমৰ মুঠ 839 খন সমবায়ৰ, সৰ্বমুঠ 1000 কোটি টকা চৰকাৰৰ ওচৰত এতিয়াও বন্দী হৈ আছে ৷ এই ৮৩৯ খন সমবায়ে, অসমৰ ৰাইজক ফ্ৰি চাউল যোগান ধৰি অহাৰ বাবদ পাবলগীয়া কমিচন আৰু পৰিবহন ব্যয়ৰ মুঠ ১০০০ কোটি টকা, এতিয়াও চৰকাৰৰ পৰা পোৱা নাই ৷ প্ৰতিখন সমবায়ে ১ কোটি ২০/৩০/৪০ লাখ টকালৈকে পাবলৈ আছে চৰকাৰৰ পৰা ৷
দুখৰ কথা যে, সমবায় সমিতি সমূহে প্ৰতিমাহে দুখীয়াক চাউল যোগান ধৰি অহাৰ পাছতো, চৰকাৰে তেওঁলোকে পাবলগীয়া টকা সময়মতে আদায় নিদিয়ে। বছৰত মাত্ৰ এবাৰ বা দুবাৰ কেইটামান টকা দি, চৰকাৰে বকেয়া বঢ়াই গৈ থাকে ৷ লাহে লাহে চাউল উঠাবলৈ টকা নোহোৱা সমবায় সমূহে, শেষত গৈ থৈ, ৩ ৰ পৰা ৫% সূতত টকা ধাৰে লৈ চাউল উঠাই, সমবায় চলাই থাকিব লগা হৈছে ৷ এইদৰে সমবায় চলাই থাকিব লগা হোৱাত, সমবায়সমূহৰ ধাৰ ৩০ লাখৰ পৰা ৫০ লাখ টকালৈকে হৈছেগৈ ৷ টকা দিব নোৱাৰাৰ বাবে, সমবায় সমূহৰ লগত লেবাৰে কাজিয়া কৰে ৷ গাড়ীৰ দ্ৰাইভাৰে কাজিয়া কৰে, পাবলগীয়া টকা লাগে ৷
অসমত ফ্ৰি চাউল খোৱা মানুহ আঢ়ৈ কোটি আছে ৷ ভাবক ৰাইজ, অসমৰ ২ কোটি ৫০ লাখ মানুহে, আমাৰ টকাৰে বিনাপইছাত ভাত খাই আছে ৷ বিজেপিয়ে আমাৰ টকাবোৰেৰে ফ্ৰি চাউল দি, এচাম মগনীয়াক ধোদৰ পছলা কৰি তুলিছে ৷ কিন্তু নিজৰ টকা বিনিয়োগ কৰি ফ্ৰি চাউল বিলাই থকা সমবায় সমূহক, পাওনা পইছাখিনি নিদিয়াকৈ ৰাখি থৈছে ৷ একো একোখন সমবায়ৰ ওপৰত ১০/১২ হেজাৰ পৰিয়াল জড়িত হৈ আছে ৷
মুখ্যমন্ত্ৰী,
আপোনাৰ লাজ লগা নাইনে ? সমবায় সমুহৰ টকাবোৰ নিদিয়াকৈ আছে কিয় ? আমাৰ পৰাতো টেক্স লৈয়েই আছে ৷ প্ৰতিদিনেতো ৰাজকোষত ৰাইজৰ টকা জমা হৈয়েই আছে। তথাপিও সমবায়সমূহক বকেয়া টকাবোৰ দিব পৰা নাই কিয় ? আপোনাৰ লাহ-বিলাহ কেতিয়া অন্ত পৰিব ? মুখ্যমন্ত্ৰী, লাজ লগা নাই ব্যৱসায়ীয়ে সূতত টকা লৈ সমবায় চলোৱা চাউল বিলাবলৈ ? লাজ লগা নাই, সমবায়ৰ সাধাৰণ বেপাৰীয়ে ধাৰে লোৱা টকাৰে চাউল বিলাই মহাপুৰুষ ওলাবলৈ ?
নিৰ্লজ্জ হিমন্ত,
দেশ চলাবই নোৱাৰে যদি, বান্দৰৰ দৰে জঁপিয়াই জঁপিয়াই শাসনভাৰ লৈছিলে কিয় ? আপুনি ধাৰত পুতি পেলালে অসমখনক ৷ অসমখন লুটি-পুতি খালে ৷ তাকে ক’লে আমাক পুলিচৰ দম দেখুৱায় ? কি কৰিব আপোনাৰ পুলিচে ? কি কৰিব হাঁ ? খুব বেছি ফাঁচীয়েইতো দিব ? কথা নাই ৷ সেয়াও মঞ্জুৰ ৷ কাৰণ আমি জাতিৰ বাবে মাত নামাতি, আপোনালোকক তোষামোদ কৰি সাহিত্যৰ চৰকাৰী বঁটা লোৱাতকৈ, দেশৰ মানুহৰ হকে মাত মাতি মৰি যাবলৈ বেছি ভাল পাম ৷ মোক বঁটা নালাগে ৷ মোক টকাও নালাগে ৷ মোক মোৰ দেশৰ নাগৰিকৰ লগত ন্যায় লাগে ৷ মোক মোৰ দেশৰ নাগৰিকৰ মানসিক, সামাজিক, আৰ্থিক, নৈতিক, শাৰীৰিক নিৰাপত্তা লাগে ৷ মোক সাহিত্যৰ সন্মানীয় ুপ হাৰ নালাগে ৷ মোৰ দেশৰ সকলো ধৰ্মাৱলম্বী নাগৰিকৰ ধৰ্মীয় নিৰাপত্তা লাগে ৷ মোক এৱাৰ্ড নালাগে, মোৰ দেশৰ নিবনুৱাৰ সংস্থাপন লাগে ৷ শিক্ষা লাগে ৷ উপাৰ্জনৰ পথ লাগে। তাৰ বাবে যুঁজিমেই ৷ যুঁজি যুঁজি জিকিমেই ৷
অতি সোনকালে সমবায় সমূহক পাবলগীয়া এহেজাৰ কোটি বকেয়া মোকলাই দিয়ক মুখ্যমন্ত্ৰী। এইবোৰ লুইবাৰ্জাৰৰ ফ্ৰি টকা নহয়। এইবোৰ সাৰদাৰ ফ্ৰি টকা নহয় ৷ এইবোৰ আপোনাৰ ভোটৰ ঘোষণাৰ ফ্ৰি চাউল বিলাবলৈ, সমবায়সমূহে মানুহৰ পৰা সূতত ধাৰে লোৱা টকা ৷ অতি সোনকালে তেওঁলোকৰ বকেয়া আদায় দিয়ক ৷ যদি মন্দিৰৰ পূজা পাতি, দক্ষিণ ভাৰতৰ পূজাৰী আনি টকাবোৰ পানীত পেলাব পাৰে, যদি অসম কেবিনেট আন আন জিলালৈ নিয়াৰ বাহানাত, আমাৰ টকাৰে বিলাস কৰিব পাৰে, যদি দুলীয়াজানত হ’ব লগা SP ৰ সন্মিলনত ৰাজকোষৰ কোটি কোটি টকা উৰুৱাব পাৰে, আমাৰ টকাৰে যদি আপুনি দিনে নিশাই হেলিকপ্টাৰত উৰিব পাৰে, যদি হাৱাই চেন্দেল কিনিবলৈ পইছা নথকা মন্ত্ৰী, ৰাজকোষৰ টকাৰে দীঘল কনভয়ত দৌৰিব পাৰে, তেন্তে আপোনালোকে ভোট কিনিবলৈ তৈয়াৰ কৰা আঁচনিৰ ফ্ৰি চাউল যোগান ধৰা সমবায় সমূহকো, বকেয়া টকা আদায় দিব পাৰিব লাগিব ৷
ৰাইজৰ টকা খাই গেৰেলা হ’ল এই বিজেপিবোৰ ৷ ইহঁতে কেৱল নিজৰ পেটটো চিনি পায় ৷ কিন্তু দুখৰ কথাটো হ’ল--- ৰাইজে ইহঁতক এতিয়াও চিনি পোৱা নাই ।
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
গুৱাহাটী
৩১/১২/২০২১
(শ্বেয়াৰ আৰু নামসহ কপি কৰাত বাধা নাই ৷ কিন্তু কোনেও পষ্টটো বিকৃত ৰূপত বা নিজৰ কথা সংযোগ কৰি প্ৰচাৰ নকৰিব )
বিঃদ্ৰঃ এতিয়া আমাৰ টকাৰে ফ্ৰি চাউল খোৱা এজাক আহি ইয়াত ৰাউচি জুৰিবহি ৷ চাউল বন্ধ হৈ যোৱাৰ ভয়ত ৷
Comments
Post a Comment