তোমাক হেৰুৱাৰ বাটত
তোমাক হেৰুৱাৰ বাটত
তাই- Hii,, কি খৱৰ?
মই- মই সপোন দেখি আছো নেকি?
তাই- কি হল?
মই- তোমাৰ মেছেজ অহা যেন লাগিল।
তাই- আৰে, মইয়েতো মেছেজ দি আছো,, তুমি চোন ৰিপ্লাই দিয়েই আছা।
মই- তাকেইতো, এয়া সপোন নহয়তো?
তাই- ধেৎ কি যে কোৱা।
মই- মানে ইমান দিনৰ পিছত, তুমি মোলৈ মেছেজ পঠাবা বুলি ভবা নাছিলোঁ।
তাই- কিয়?
মই- তুমি যোৱাৰ পিছত কিমান মেছেজ দিলো আৰু কিমান ফোন কৰিলো, একোৰে উত্তৰ নাপালো যে।
তাই- এহ, বাদ দিয়া অ, সেইবোৰ অতীত আছিল।
মই- অতীতৰ কিছুমান সোৱৰণীয়ে কেতিয়াবা বৰকৈ আমনি কৰে।
কিছু সময়লৈকে তাইৰ একো মেছেজ নাহিল। ভাবিলো হয়তো কিবা বেয়াই পালে বুলি। কিন্তু নাই, অলপমান দেৰিকৈ মেছেজ এটা আহিল।
তাই- ভাবিছিলো, তোমাৰ লগত কথা পাতিলে তুমি মোক কন্দুৱাবা বুলি।
মই- মইনো কি কৰিলো?
তাই- অতীতৰ সোঁৱৰণী জগাই মোক নিজৰ চকুত তল পেলাই দিলা।
মই- ধেৎ, কি যে কোৱা।
তাই- ডাঙৰ ভূল কৰিছিলো অ'
মই- বাৰু বাদ দিয়া সেইবোৰ, এতিয়া কোৱা কি খৱৰ?
তাই- আছো ভালেই।তোমাৰতো ভালেই ছাগে?
মই- মই দুখতো হাহিঁ থাকো, গতিকে মোৰ খৱৰ সদায়েই ভাল।
তাই- তুমি অলপো সলনি হোৱা নাই ন?
মি- ওম, নাই হোৱা, মাথাে সময়বোৰ হে সলনি হৈ গৈ আছে।
পাহৰা নাই মই, তাইক শেষবাৰৰ বাবে লগ পোৱাৰ সময়খিনি । হয়তো তাইৰো মনত আছে। সেয়ে মই সোৱৰাই দিয়া নাই অতীতক।
মই- অই, আজিকালি বোলে তুমি কবিতা লিখো?
তাই- কত শুনিলানো?
মই- তোমাৰ প্ৰতিটো খৱৰ ৰাখো।
তাই- লিখো কেতিয়াবা, কেতিয়াবা,, কিন্তু তোমাৰ দৰে নহয়।
মই- মোৰ দৰে মানে?
তাই- তুমি লিখা প্ৰতিটো কবিতাই পঢ়ি আছো মই।
মানে তাইও ৰাখে মোৰ খৱৰ। শুনি বৰ ভাল লাগিল।
তাই- এতিয়া কি কৰি আছা?
মই- আছো এনেই, তোমাৰ কোৱা?
তাই- মই এতিয়া ঘৰতেই, এনেই কিবা-কিবি ।
মই- আৰু তোমাৰ সপোনবোৰ? যাৰ বাবে মোৰ পৰা আঁতৰি গৈছিলা?
তীই- সপোনবোৰ দেখিবলৈ বৰ সহজ, দিঠক কৰাটোহে বৰ কঠিন। পাহৰি পেলালো দিয়া সপোনবোৰ।
মই- অহ!
তাই- তুমি কত থাকা এতিয়া?
মই- সেই তোমাক হেৰুৱাৰ বাটত।
তাই- মানে?
মই- মানে তুমি এৰি যাওঁতে য'ত যেনেকে আছিলো, এতিয়াও তাতেই আৰু তেনেকৈয়ে আছোঁ।
তাই- তোমাৰ সেই বাটটোৰে মই যাবলৈ অনুমতি পাম নে?
মই- কোনটো বাটত।
তাই- তোমাক হেৰুৱাৰ বাটত।
মই- মইতো তোমাৰেই অপেক্ষাত ৰৈ আছো,, আহানা সোনকালে।
Comments
Post a Comment