-হেঁ‌পাহৰ সপোন -

#হেঁ‌পাহৰ সপোন ।




===========
অনন্ত কুমাৰ ভূঞা

হেঁ‌পাহৰ সপোন জাক
উমলিছে ফুলনি ডৰাত
ঠেৰুচিগা হাঁ‌বিয়াস
ঠন ধৰি উঠিছে সেই ফুলনিত
কৰুণ বোজা পাতলাই
চৰণ পখালিছোঁ‌ বাসনা নদীত
দুখৰ বিদায় ক্ষণত
অনুভৱ দিছো ছটিয়াই
ফুলু নুফুলুকৈ থকা শ্বেতপদ্মৰ কলি
আশাৰে চাই আছো দুৰৰৈ পৰা
অনুপম অনুভৱ আহি আছে 
সেউজীয়া সুবাস বিলাবলৈ ।
=========================
অনন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

বনৰীয়া হাতিৰ উপদ্ৰৱ

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খোল খালে