*_এইখনেই মোৰ বড় অসম!..._*
*_এইখনেই মোৰ বড় অসম!..._*
_হয়, সুজলা সুফলা শস্য শ্যামলা অসমখনেই মোৰ আই জননী। এইখন লাচিত বৰফুকন আৰু বাঘ হাজৰিকা (ইছমাইল ছিদ্দিকী)ৰ অসম। বীৰ চিলাৰায়, মূলাগাভৰু, কনকলতা বৰুৱা, হুছেইন গাঁওবুঢ়া আৰু সতি সাবিত্ৰীৰ এইখন বড় অসমত শংকৰ-আজানৰ সম্প্ৰীতিৰ ডোলেৰে বান্ধ খাই আছে বৃহত্তৰ অসমীয়া জাতি। শংকৰদেৱ আৰু চান্দ খাঁৰ মিলনভূমি অসম মুলুকত নাই কোনো কাহানিও নাছিল বৰ্তমানো নাই সাম্প্ৰদায়িকতাবাদ আৰু নাই কোনো জাতিগত ভেদভাৱ। কিন্তু পৰিতাপৰ বিষয়ঃ সম্প্ৰতি একাংশ ভণ্ড, স্বাৰ্থপৰ, বিভেদকামী, সাম্প্ৰদায়িক ব্যক্তি তথা হিংসাকুৰীয়া ৰাজনীতিবিদে সস্তীয়া জনপ্ৰিয়তা অৰ্জন আৰু ৰাজনৈতিক লাভালাভৰ বাবেই আমাৰ যাউতীযুগীয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ এনাজৰীডাল ছিঙি থানবান কৰিব বিচাৰিছে (যিটো কাৰো কাম্য নহয়)। হিন্দু-মুছলমানৰ মাজত ধৰ্ম, জাত-পাতৰ বৃহত্তম প্ৰাচীৰ নিৰ্মাণেৰে দূৰত্ব বৃদ্ধি কৰিবলৈ চেষ্টাত ত্ৰুটি কৰা নাই। পাৰস্পৰিক সম্পৰ্কত অবিশ্বাসৰ ভাৱ জগাই তুলিব বিচৰা হৈছে। যিসকলে পৰস্পৰৰ মাজত তিক্ততা আনিব বিচাৰিছে, তেনে কাল পিশাচ বোৰক চিনাক্ত কৰি তেওঁলোকক এঘৰীয়া কৰিব লাগিব আৰু আমি হিন্দু-মুছলমান নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ সেই তাহানিৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক মজবুত কৰি চিৰযুগমীয়া কৰি ৰাখিব লাগিব। গতিকে আহক আমি বিগত দিনবোৰৰ সেই তিক্ততাপূৰ্ণ কথাবোৰ পাহৰি নতুন বছৰৰ আৰাম্ভনিৰ পৰাই পৰস্পৰৰ মাজত থকা প্ৰেম-ভালপোৱা, শ্ৰদ্ধা, বিশ্বাস, একতা আৰু সমন্বয়ৰ ৰছিডাল আৰু অধিক মজবুত কৰি ধৰি ৰাখিবলৈ সংকল্প লওঁ। অসমীয়াৰ আদৰ্শ পুৰুষ; বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, শৰৎচন্দ্ৰ সিংহ, ভূপেন হাজৰিকা, চৈয়দ আব্দুল মালিক, ইছমাইল হুছেইন আদি মহান ব্যক্তিসকলৰ পদাংক অনুসৰণ কৰি আগবাঢ়ি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হঁও, এনে কৰিলে নিশ্চিতভাৱে আমাৰ সুজলা সুফলা শস্য শ্যামলা সমন্বয় ৰাজ্যখনত একতা, শান্তি, প্ৰগতি আৰু ভাতৃত্ববোধ পথ প্ৰশস্ত হ'ব।–_
*_জুলহাছ আলী আহমেদ_*
*_জাগীৰোড, মৰিগাঁও (অসম)_*
*_দূৰভাষঃ ৯৭০৬৬-৬৬১৯২_*
Comments
Post a Comment