নতুন বছৰৰ পহিলা দিনটোত সংবাদ মাধ্যমৰ সন্মানীয় সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি আহ্লাদিত হওঁ৷ copy from C M sir
নতুন বছৰৰ পহিলা দিনটোত সংবাদ মাধ্যমৰ সন্মানীয় সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি আহ্লাদিত হওঁ৷
ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতে যোৱা বছৰটো বিজ্ঞান, ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক দিশত ৰাজ্যখনৰ বাবে এক উজ্জ্বলতম বৰ্ষ আছিল আৰু বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনলৈ সাফল্য কঢ়িয়াই আনিছিল। বিগত ৮ মাহত আমি অৰ্থনৈতিক দিশত উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ লগতে আইন-শৃংখলা পৰিস্থিতিও যথেষ্ট উন্নত হৈছে৷ ট্ৰাইবেল চিভিল ছ’চাইটি তথা ছাত্ৰ সংগঠনসমূহৰ উল্লেখনীয় ভূমিকাৰ ফলত ৰাজ্যৰ কেইবাটাও উগ্ৰপন্থী সংগঠন মূল সুঁতিলৈ উভতি আহিছে। সমান্তৰালভাৱে যোৱা ৮ মাহত অনুষ্ঠিত ৩১খন কেবিনেট বৈঠকত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
বিগত বৰ্ষত আমি মিছন বসুন্ধৰাৰ লগতে পৰিবহণ বিভাগ, অভ্যন্তৰীণ জল পৰিবহণ বিভাগ আদিকে ধৰি বহু বিভাগৰ কাম-কাজ অনলাইনৰ মাধ্যমেৰে সম্ভৱ কৰি তুলিছো যাৰ ফলত জনসাধাৰণে অতি সহজে নিজ বাসগৃহৰ পৰা বিভিন্ন সেৱা লাভ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক সময়ছোৱাত আমি চৰকাৰৰ বিভিন্ন সেৱা প্ৰযুক্তিৰ মাধ্যমেৰে জনসাধাৰণমুখী কৰাৰ দিশত আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিম৷ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণৰ ক্ষেত্ৰতো আমি নিষ্ঠাৰে কৰ্ম অব্যাহত ৰাখি মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই, এক লাখ নিবনুৱাক নিযুক্তি, অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি ইত্যাদিৰ দিশত লোৱা প্ৰয়োজনীয় ব্যৱস্থাই ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ ২০২২ বৰ্ষত অসমবাসীয়ে বিভিন্ন ক্ষেত্ৰত আৰু অধিক ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি মই দৃঢ় বিশ্বাসী৷
Comments
Post a Comment