Posts

বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল.

Image
বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল দানভে দিল্লীৰ পৰা বিমানেৰে আহি। গুৱাহাটী বিমানবন্দৰত নামে আৰু তাৰপৰা ৰে'লৰে বৰপেটাৰোড ষ্টেচনত নামি  বৰপেটা ৰোডৰ এখন স্কুল হাউলীত এটা বাহ উদ্দোগ দওকুছিত জল জীবন মিছন এটা নতুন আঁচনি বৰপেটা নগৰৰ বুদৰুটুপত প্ৰধান মন্ত্ৰী আৱাস জোযনাৰ ঘৰ পৰিদৰ্শন কৰে। তেখেতৰ লগত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস। বৰপেটা জিলা উপায়ুক্ত আৰু বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ উপৰিও বৰপেটা জিলা বি জে পি ৰ বিষয় বৱিয়াই সকল। 

*ঈপ্সা*

_গল্প_ নীসংগতাত ভুগা জিষ্ণুৰ মনে আজি-কালি কাৰো লগত মাত বোল নকৰা হৈছে। জ্ঞানৰ পূজাৰী কাশ্যপে তাক দিব বিচাৰে সান্ত্বনা,কিন্তু সি অকলে বহি এই ভাল পায়;কোনো সংগ নিবিচাৰে।। নীসংগতাৰ কাৰণ আছিল প্ৰেমত ব্যৰ্থতা। যাৰ বাবে হয়তো সি ইমান ভাগি পৰিছিল যে মৃত্যু নোহোৱাকৈয়ে তাৰ মৃত্যু হৈছিল। সি একো ভালকৈ নোখোৱা হৈছিল আৰু মাক দেউতাক দুয়োজনৰ লগত একো সম্বন্ধ নৰখাকৈয়ে যেন আছে তেনেকুৱা আচৰণ কৰিছিল। সি ব্যৰ্থতাৰ বেদনাৰ পৰা মুক্তি পোৱা নাছিল বাবে  মাদক দ্ৰব্য,চিগাৰেট ইত্যাদিৰোঁ সেৱন কৰিব লৈছিল। সি একেবাৰে ভাগি পৰিছিল। এদিন তাৰ গাঁৱৰে লৰা দুটামানে তাৰ কি হ'ল বুলি তাক সুধিলে কিন্তু সি একো উত্তৰ নিদিলে আৰু মনে মনে আঁতৰি গ'ল। তাৰ পাছত বন্ধু কাশ্যপক লগ পাই সেই লৰা দুজনে সুধিলত সমস্ত কাহিনী বিৱৰি ক'লে। সি ভাল পোৱা ছোৱালী জনীৰ নাম আছিল আস্থা। আস্থা তাৰ সহপাঠী আছিল। সি তাইক লগ পোৱাৰে পৰা ভাল পাব ধৰিছিল। কিন্তু তাই তাক ভাল পোৱাৰ ভাণ্ডনাহে কৰিছিল। এইবোৰ কথা তাৰ একেবাৰেই জ্ঞাত নাছিল। এদিন সি তাইক এটা বেলেগ লৰাৰ লগত দেখি হৃদয়ত কষ্ট পালে আৰু দুদিন মানৰ পাছত তাইক সুধিলে “আস্থা তোমাক মই কি দিব নোৱাৰিলোঁ যে ত...

: তোমাক হেৰুৱাইও সুখী:

Image
        🖌️ মফিজুল হক ভূঞা।           ৰাজনৈতিক বিজ্ঞান বিভাগৰ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়, নগৰবেৰা/                  ৭৮১১২৭             জিলা: বৰপেটা।             ফোন:৮১৩৬০৫৫১৮৭ প্ৰেম! প্ৰেমক লৈ বহুতেই প্ৰান হেৰুৱায়, সংসাৰ বিছিন্ন হয়, পগলা হৈ ৰাস্তাত কাষত দিনবোৰ কটাৱ লগীয়া হয় কোনোবাই আকৌ গুচি যায় এই সুন্দৰ পৃথিৱী খনৰ পৰা চিৰকালৈ আৰু কিছুমান চিৰকুমাৰ হৈ জীৱনটো পাৰ কৰি দিয়ে। কলেজীয়া লৰা ছোৱালী বিলাকৰ মাজৰ প্ৰেম হ'লে  ক্ষন্তেকতেই নাইকিয়া হয়। কোনোবাই তেওঁৰ প্ৰেমিকৰ কাৰণে বেলেগক মাৰি পেলাই। ইয়াৰ বহুত ছবি আমাৰ সমাজত নাইবা এটা ছৱি মোৰ লগতো হৈছে।                গতিকে, প্ৰেম হয় হবই ই প্ৰাকৃতিক নীতি সেই বুলি নীজৰ জীৱনটোক বিছিন্ন কৰি দিম এইটো কি কথা!    মোৰ দ্বাদশ শ্ৰেণীৰ কথা, মই          একাদশ শ্ৰেণীত যেতিয়া নাম ভৰ্তি কৰিলোঁ তেতিয়া মোৰ ম...

HSLC EXAMINATION 2022 ROUTINE.

Image
HSLC 2022 examination routine. #hslc #hs #assam #guwhati #assam

তোমাক হেৰুৱাৰ বাটত

Image
তোমাক হেৰুৱাৰ বাটত   তাইক হেৰুৱাৰ পিছত বৰ অকলশৰীয়া হৈ আছিলোঁ মই। কিন্তু আজি তাই পঠিওৱা এটা মেছেজ যেন দূৰ কৰিলে মোৰ অকলশৰীয়তাক। তাই- Hii,, কি খৱৰ? মই- মই সপোন দেখি আছো নেকি? তাই- কি হল? মই- তোমাৰ মেছেজ অহা যেন লাগিল। তাই- আৰে, মইয়েতো মেছেজ দি আছো,, তুমি চোন ৰিপ্লাই দিয়েই আছা। মই- তাকেইতো, এয়া সপোন নহয়তো? তাই- ধেৎ কি যে কোৱা। মই- মানে ইমান দিনৰ পিছত, তুমি মোলৈ মেছেজ পঠাবা বুলি ভবা নাছিলোঁ। তাই- কিয়? মই- তুমি যোৱাৰ পিছত কিমান মেছেজ দিলো আৰু কিমান ফোন কৰিলো, একোৰে উত্তৰ নাপালো যে। তাই- এহ, বাদ দিয়া অ, সেইবোৰ অতীত আছিল। মই- অতীতৰ কিছুমান সোৱৰণীয়ে কেতিয়াবা বৰকৈ আমনি কৰে। কিছু সময়লৈকে তাইৰ একো মেছেজ নাহিল। ভাবিলো হয়তো কিবা বেয়াই পালে বুলি। কিন্তু নাই, অলপমান দেৰিকৈ মেছেজ এটা আহিল। তাই- ভাবিছিলো, তোমাৰ লগত কথা পাতিলে তুমি মোক কন্দুৱাবা বুলি। মই- মইনো কি কৰিলো? তাই- অতীতৰ সোঁৱৰণী জগাই মোক নিজৰ চকুত তল পেলাই দিলা। মই- ধেৎ, কি যে কোৱা। তাই- ডাঙৰ ভূল কৰিছিলো অ' মই- বাৰু বাদ দিয়া সেইবোৰ, এতিয়া কোৱা কি খৱৰ? তাই- আছো ভালেই।তোমাৰতো ভালেই ছাগে? মই- মই দুখতো হাহিঁ থাকো, গতিকে মোৰ খৱৰ ...

*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._*

Image
*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._* _হে প্ৰিয় নৱবৰ্ষ স্বাগতম তোমাক, তোমাৰ আগমন শুভ হওঁক। তুমি আহিছা ভালেই হ'ল, আমি তোমাৰেই অপেক্ষা কৰি আছিলোঁ! তোমাৰ আগমন সাৰ্থক হওঁক। তুমি কি উপহাৰ লৈ আহিছা আমাৰ বাবে সেইটো হ'লে নুসুধো, বিশ্বাস কৰিব পাৰি তুমি অবশ্যই ধৰাৰ বুকুলৈ শান্তিৰ বাৰ্তা লৈ আহিছা। তুমি মানৱ জাতিক একতাৰ ডোলেৰে বান্ধিবলৈ এডাল মজবুত ৰচী লৈ আহিছা, দেশ তথা দহৰ সৰ্বাংগীন উন্নতি সাধিবলৈ তুমি ছাগে আলাউদ্দিনৰ চাকি লৈ আহিছা, স্বাগতম তোমাক, তোমাৰ আগমন পৃথিৱীবাসীৰ বাবে হিতকাৰক হওঁক।_ _সদ্য বিদায়ী ২০২১ বৰ্ষটোৱেও তোমাৰ দৰেই বহু আশা বুকুত বান্ধি লৈ আহিছিল মানৱ সমাজত, ব্যৰ্থ হোৱা বুলি নকলেওঁ সি তাৰ সপোনবোৰ ১০০% বাস্তৱায়িত কৰিব পৰা নাছিল। আমি নকওঁ তুমি নোৱাৰিবা বুলি, নিশ্চয় পাৰিবা! পিছে তুমি এই ধৰাৰ পৰিবেশ-পৰিস্থিতিৰ বিষয়ে অৱগত নে? কিজানি নহয়, সদ্য বিদায়ী ২০২১ বৰ্ষই যদি তোমাক চমূ আভাষ দি গৈছে সেইটো হ'লে নাজানোঁ, তথাপিও কওঁ; বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ "ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গনতান্ত্রিক গণৰাজ্য দেশ"। আবহমান কালৰে প...

ঈগল কুকুৰা হোৱাৰ কাহিনী

Image
ঈগল কুকুৰা হোৱাৰ কাহিনী বাণীকান্ত লহৰ কওঁ শুনিবা, হয়তো তুমিওঁ জানা ঈগল কুকুৰা হোৱাৰ কাহিনী এই কাহিনীত পায়  কুকুৰা গড়ালৰ গৰাকীয়ে ঈগলৰ পোৱালি এটি পায়  কুকুৰাৰ লগতে থলে গড়ালত ভৰাই খাওঁতে,শুৱতে, উঠতে বহোতে  ঈগলে কুকুৰা জাক পাই  নিজৰ নাম, কাম পাহৰি যায় ই সুধিলে কু-কু-কক্ কক্ সি সুধিলে কু-কু-কক্ কক্  গৰাকী একো গমকে নাপায়  চকু সৰু হাতীয়ে অকণমানি গছতে  নিজকে লুকাই ভাবে  তাক কোনেওঁ দেখা নাই তদনুৰূপ এনে কত কবি আছে  যিয়ে নিজকে চিনা নাই  ঈগল চৰাই ডাঙৰ হ'ল আকৃতি বদলি গ'ল  কুকুৰাৰ লগত দেখাত কোনো মিল নাই এদিন দুদিন কৰি গড়ালৰ গৰাকীয়ে ঈগলক  দিয়ে সোঁৱৰাই প্ৰচণ্ড শক্তিৰ গৰাকী তুমি কি দুখত আছা কুকুৰাৰ গড়ালত সোমাই?  যোৱা উৰি আকাশ কঁপাই নাই নোৱাৰো, উৰিব নাজানো, নিজক কেনেকৈ চিনে  ?  কুকুৰাবোৰে চোন মোৰ সহোদৰ  খাওঁতে উঠতে বহোতে যিটো শিকিছো সদায়  ইকি হায়! ঈগল পৰি ৰৱ কুকুৰা হৈ সদায়  লাহে লাহে কৈ কুকুৰা বোৰে ঈগলৰ পৰা আঁতৰি ফুৰে  ভয়তে প্ৰাণ ধুপুচ ধাপাচ কৰে  বাহিৰত কিন্তু তাক প্ৰকাশ নকৰে...