Posts

Showing posts from January, 2022

: তোমাক হেৰুৱাইও সুখী:

Image
        🖌️ মফিজুল হক ভূঞা।           ৰাজনৈতিক বিজ্ঞান বিভাগৰ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়, নগৰবেৰা/                  ৭৮১১২৭             জিলা: বৰপেটা।             ফোন:৮১৩৬০৫৫১৮৭ প্ৰেম! প্ৰেমক লৈ বহুতেই প্ৰান হেৰুৱায়, সংসাৰ বিছিন্ন হয়, পগলা হৈ ৰাস্তাত কাষত দিনবোৰ কটাৱ লগীয়া হয় কোনোবাই আকৌ গুচি যায় এই সুন্দৰ পৃথিৱী খনৰ পৰা চিৰকালৈ আৰু কিছুমান চিৰকুমাৰ হৈ জীৱনটো পাৰ কৰি দিয়ে। কলেজীয়া লৰা ছোৱালী বিলাকৰ মাজৰ প্ৰেম হ'লে  ক্ষন্তেকতেই নাইকিয়া হয়। কোনোবাই তেওঁৰ প্ৰেমিকৰ কাৰণে বেলেগক মাৰি পেলাই। ইয়াৰ বহুত ছবি আমাৰ সমাজত নাইবা এটা ছৱি মোৰ লগতো হৈছে।                গতিকে, প্ৰেম হয় হবই ই প্ৰাকৃতিক নীতি সেই বুলি নীজৰ জীৱনটোক বিছিন্ন কৰি দিম এইটো কি কথা!    মোৰ দ্বাদশ শ্ৰেণীৰ কথা, মই          একাদশ শ্ৰেণীত যেতিয়া নাম ভৰ্তি কৰিলোঁ তেতিয়া মোৰ ম...

HSLC EXAMINATION 2022 ROUTINE.

Image
HSLC 2022 examination routine. #hslc #hs #assam #guwhati #assam

তোমাক হেৰুৱাৰ বাটত

Image
তোমাক হেৰুৱাৰ বাটত   তাইক হেৰুৱাৰ পিছত বৰ অকলশৰীয়া হৈ আছিলোঁ মই। কিন্তু আজি তাই পঠিওৱা এটা মেছেজ যেন দূৰ কৰিলে মোৰ অকলশৰীয়তাক। তাই- Hii,, কি খৱৰ? মই- মই সপোন দেখি আছো নেকি? তাই- কি হল? মই- তোমাৰ মেছেজ অহা যেন লাগিল। তাই- আৰে, মইয়েতো মেছেজ দি আছো,, তুমি চোন ৰিপ্লাই দিয়েই আছা। মই- তাকেইতো, এয়া সপোন নহয়তো? তাই- ধেৎ কি যে কোৱা। মই- মানে ইমান দিনৰ পিছত, তুমি মোলৈ মেছেজ পঠাবা বুলি ভবা নাছিলোঁ। তাই- কিয়? মই- তুমি যোৱাৰ পিছত কিমান মেছেজ দিলো আৰু কিমান ফোন কৰিলো, একোৰে উত্তৰ নাপালো যে। তাই- এহ, বাদ দিয়া অ, সেইবোৰ অতীত আছিল। মই- অতীতৰ কিছুমান সোৱৰণীয়ে কেতিয়াবা বৰকৈ আমনি কৰে। কিছু সময়লৈকে তাইৰ একো মেছেজ নাহিল। ভাবিলো হয়তো কিবা বেয়াই পালে বুলি। কিন্তু নাই, অলপমান দেৰিকৈ মেছেজ এটা আহিল। তাই- ভাবিছিলো, তোমাৰ লগত কথা পাতিলে তুমি মোক কন্দুৱাবা বুলি। মই- মইনো কি কৰিলো? তাই- অতীতৰ সোঁৱৰণী জগাই মোক নিজৰ চকুত তল পেলাই দিলা। মই- ধেৎ, কি যে কোৱা। তাই- ডাঙৰ ভূল কৰিছিলো অ' মই- বাৰু বাদ দিয়া সেইবোৰ, এতিয়া কোৱা কি খৱৰ? তাই- আছো ভালেই।তোমাৰতো ভালেই ছাগে? মই- মই দুখতো হাহিঁ থাকো, গতিকে মোৰ খৱৰ ...

*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._*

Image
*_কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল!..._* _হে প্ৰিয় নৱবৰ্ষ স্বাগতম তোমাক, তোমাৰ আগমন শুভ হওঁক। তুমি আহিছা ভালেই হ'ল, আমি তোমাৰেই অপেক্ষা কৰি আছিলোঁ! তোমাৰ আগমন সাৰ্থক হওঁক। তুমি কি উপহাৰ লৈ আহিছা আমাৰ বাবে সেইটো হ'লে নুসুধো, বিশ্বাস কৰিব পাৰি তুমি অবশ্যই ধৰাৰ বুকুলৈ শান্তিৰ বাৰ্তা লৈ আহিছা। তুমি মানৱ জাতিক একতাৰ ডোলেৰে বান্ধিবলৈ এডাল মজবুত ৰচী লৈ আহিছা, দেশ তথা দহৰ সৰ্বাংগীন উন্নতি সাধিবলৈ তুমি ছাগে আলাউদ্দিনৰ চাকি লৈ আহিছা, স্বাগতম তোমাক, তোমাৰ আগমন পৃথিৱীবাসীৰ বাবে হিতকাৰক হওঁক।_ _সদ্য বিদায়ী ২০২১ বৰ্ষটোৱেও তোমাৰ দৰেই বহু আশা বুকুত বান্ধি লৈ আহিছিল মানৱ সমাজত, ব্যৰ্থ হোৱা বুলি নকলেওঁ সি তাৰ সপোনবোৰ ১০০% বাস্তৱায়িত কৰিব পৰা নাছিল। আমি নকওঁ তুমি নোৱাৰিবা বুলি, নিশ্চয় পাৰিবা! পিছে তুমি এই ধৰাৰ পৰিবেশ-পৰিস্থিতিৰ বিষয়ে অৱগত নে? কিজানি নহয়, সদ্য বিদায়ী ২০২১ বৰ্ষই যদি তোমাক চমূ আভাষ দি গৈছে সেইটো হ'লে নাজানোঁ, তথাপিও কওঁ; বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ "ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গনতান্ত্রিক গণৰাজ্য দেশ"। আবহমান কালৰে প...

ঈগল কুকুৰা হোৱাৰ কাহিনী

Image
ঈগল কুকুৰা হোৱাৰ কাহিনী বাণীকান্ত লহৰ কওঁ শুনিবা, হয়তো তুমিওঁ জানা ঈগল কুকুৰা হোৱাৰ কাহিনী এই কাহিনীত পায়  কুকুৰা গড়ালৰ গৰাকীয়ে ঈগলৰ পোৱালি এটি পায়  কুকুৰাৰ লগতে থলে গড়ালত ভৰাই খাওঁতে,শুৱতে, উঠতে বহোতে  ঈগলে কুকুৰা জাক পাই  নিজৰ নাম, কাম পাহৰি যায় ই সুধিলে কু-কু-কক্ কক্ সি সুধিলে কু-কু-কক্ কক্  গৰাকী একো গমকে নাপায়  চকু সৰু হাতীয়ে অকণমানি গছতে  নিজকে লুকাই ভাবে  তাক কোনেওঁ দেখা নাই তদনুৰূপ এনে কত কবি আছে  যিয়ে নিজকে চিনা নাই  ঈগল চৰাই ডাঙৰ হ'ল আকৃতি বদলি গ'ল  কুকুৰাৰ লগত দেখাত কোনো মিল নাই এদিন দুদিন কৰি গড়ালৰ গৰাকীয়ে ঈগলক  দিয়ে সোঁৱৰাই প্ৰচণ্ড শক্তিৰ গৰাকী তুমি কি দুখত আছা কুকুৰাৰ গড়ালত সোমাই?  যোৱা উৰি আকাশ কঁপাই নাই নোৱাৰো, উৰিব নাজানো, নিজক কেনেকৈ চিনে  ?  কুকুৰাবোৰে চোন মোৰ সহোদৰ  খাওঁতে উঠতে বহোতে যিটো শিকিছো সদায়  ইকি হায়! ঈগল পৰি ৰৱ কুকুৰা হৈ সদায়  লাহে লাহে কৈ কুকুৰা বোৰে ঈগলৰ পৰা আঁতৰি ফুৰে  ভয়তে প্ৰাণ ধুপুচ ধাপাচ কৰে  বাহিৰত কিন্তু তাক প্ৰকাশ নকৰে...

*_পুলিচৰ লীলা বুজাৰ সাধ্য নাই!..._*

*_পুলিচৰ লীলা বুজাৰ সাধ্য নাই!..._* _হয় আপুনি ঠিকেই শুনিছে আৰক্ষীৰ লীলা বুজাৰ উপায় নাই। ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট মুঠতে আৰক্ষীৰ মহিমা অপাৰাম্পাৰ। ক্ষেত্ৰবিশেষে কঠোৰতা অৱলম্বন কৰি অহা আৰক্ষীৰো যে এখন নিৰ্মল হৃদয় আছে তাৰ উমান পোৱা গ'ল গোৱালপাৰাত। সৰ্বত্ৰে আৰক্ষীৰ বৰ্ব্বৰতাৰ চৰ্চ চলি থকাৰ সময়তে গোৱালপাৰাত দেখা গ'ল এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা। অনাথ শিশুক আশ্ৰয় প্ৰদান কৰি আৰক্ষী বিষয়া ধজেন চন্দ্ৰ কলিতাই প্ৰমাণ কৰি দিলে যে, প্ৰকৃততে আৰক্ষীও মানুহ, তেখেত সকলৰো আছে এখন কোমল হৃদয়ৰ।_ _নিজৰ ওপৰত নেস্ত দায়িত্বৰ কৰ্তব্য পালন কৰিবলৈ গৈ কেতিয়াবা অধিক কঠোৰ হৈ পৰা আৰক্ষীৰ লোকৰো অন্তৰত থাকে দুখীয়া-নিচলা তথা অনাথ সকলৰ বাবে সহায়-সাহায্য আৰু মানৱীয় সেৱা আগবঢ়োৱাৰ মানসিকতা। তাৰেই এক অনন্য উদাহৰণ দাঙি ধৰিলে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অধীনস্থ দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধজেন চন্দ্ৰ কলিতাই৷ আৰক্ষী বিষয়াগৰাকীৰ জনসেৱামূলক এনে বহু কাম-কাজে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষী বিভাগৰ দৰে এটা সদাব্যস্ত দপ্তৰত সেৱা আগবঢ়াই থকা পিছতো শ্ৰী ধজেন চন্দ্ৰ কলিতাই বিশেষকৈ অসহায়, ...

# সপোন কোঁ‌ৱৰ

Image
============ অনন্ত কুমাৰ ভূঞা তই ভাঙিব লাগিব দুখৰ প্ৰাচীৰ তই গঢ়িব লাগিব আশাৰ গম্বুজ আবেগৰ ভাষণত উত্তেজিত নহবি ইতিহাসে ইতিকিং কৰিব জাতিক  তই যোগ্য নাগৰিক আমাৰ সমাজৰ তই গঢ়িব লাগিব এখন মানুহৰ সমাজ  তই সাজিব পাৰিবি শান্তিৰ নিলয় প্ৰশান্তিৰ সান্নিধ্যত সপোন বিলাবি  ভাগ ভাগ হবলৈ নিদিবি ধুনীয়া সমাজ  নীতি শিক্ষাৰে কৰিবি আমাক সজাগ  বেঙা বোৰ কোঙা  হ'বলৈ এৰি নিদিবি চিঞঁ‌ৰি চিঞঁ‌ৰি  সাহসেৰে মানুহ জগাবি শান্তিৰ সমদলত তই নেতৃত্ব দি থাকিবি তইয়েই ডেকা তইয়েই হবি দেশৰ নেতা  সমন্বয়ৰ সেতু ভাস্কৰ্যৰে সজাই তুলিবি  জনতাক হাতত ধৰি লৈ আগুৱাই যাবি তই অনুজ অগ্ৰজ সকলৰ সপোন কোঁ‌ৱৰ। ============================= অনন্ত কুমাৰ ভূঞা =============================

নবীন প্ৰজন্ম

Image
তুমি বাৰিষাৰ ভৰা নৈ, মেঘমুক্ত স্নিগ্ধ আকাশ, শস্য শ্যামলা পথাৰ, জলন্ত অগ্নি শিখা, গংগাৰ স্বচ্ছ নিৰ, ধৰ্মৰ ৰহণ মচি দি হিংসা বিদ্বেষ গুচাই, মৰম স্নেহৰ ভাষাৰে অস্থিৰ সমাজখনক গঢ়া কৰি সুস্থিৰ‌ । তুমি বাহুবলী পৰাক্ৰমী অপ্ৰতিৰোধ্য যোদ্ধা, হে দুপৰীয়াৰ তপ্ত সূৰ্য ৰশ্মি লুকুৱাই নথবা ! বাস্তবত ধৰাত ঘৃণা হেজাৰ কিয় নেথাকক, তোমাৰ আগমনত এদিন স্বাৰ্থপৰজন বদলি যাওক, অন্যায়ৰ পৰাজয় হ‌ওক, তোমাৰ অদম্য প্ৰচেষ্টাত গোটেই বিশ্ব‌ই এবাৰ মানৱতাৰ জয়গান গাৱঁক।

সীমিত

Image
✍️বাণীকান্ত লহকৰ সীমিত সকলোতে মোৰ ধ্যান ধাৰণা, ইচ্ছা শক্তি জ্ঞান বুদ্ধি বন্ধু বান্ধবী মোক আটাইতকৈ ভালপোৱা, বেয়া পোৱা জন  কবিতা কবিতা নহয় বুলি কোৱা  মোৰ কবিতা ভাল পোৱা অকল মোক ভালপোৱা মই কবিতা লিখিলে খং কৰা নিলিখিলে লিখিবলৈ কোৱা মোৰ এটাও কবিতা নপঢ়াকৈ ভাল বুলি কোৱা আচৰিত! খং কৰা জনকে কেতিয়াবা ভাল লাগে ভাবি চিন্তিত লিখা  নভবাকৈ লিখি দিয়া  নিৰ্মাণ শিল্পকলা বিশ্বাস ৰখা একোকে বিশ্বাস নকৰা অকল ক'লা আখৰক  বাট দেখুওৱা মোৰ দুখত আৰু সুখতো সমভাগী হোৱা নিলিখিলে সোধা লিখিলে , কি লিখিছে এইবোৰ?  মোৰ সঞ্চয়, ব্যয় দৈনন্দিন নতুন বছৰ অহাৰ বাবে আমি সঁচাকৈয়ে সুখী হৈছোনে  ?  নে আনক দেখুৱাই অভিনয় কৰিছো?  আনৰ লগত তাল মিলোৱা  আদি ইত্যাদি  যি কুশল মংগল বাৰ্তা প্ৰেৰণ কৰিছোঁ সেয়াও সীমিত ই কাৰোবাৰ কামত আহিবনে  নাজানো  সীমিত পৰিবেশত কেবল মাত্ৰ অসীম মন ভাল হ'ব, ভাল দিন আহিব  সকলোৰে।

-হেঁ‌পাহৰ সপোন -

Image
#হেঁ‌পাহৰ সপোন । =========== অনন্ত কুমাৰ ভূঞা হেঁ‌পাহৰ সপোন জাক উমলিছে ফুলনি ডৰাত ঠেৰুচিগা হাঁ‌বিয়াস ঠন ধৰি উঠিছে সেই ফুলনিত কৰুণ বোজা পাতলাই চৰণ পখালিছোঁ‌ বাসনা নদীত দুখৰ বিদায় ক্ষণত অনুভৱ দিছো ছটিয়াই ফুলু নুফুলুকৈ থকা শ্বেতপদ্মৰ কলি আশাৰে চাই আছো দুৰৰৈ পৰা অনুপম অনুভৱ আহি আছে  সেউজীয়া সুবাস বিলাবলৈ । ========================= অনন্ত কুমাৰ ভূঞা

*_এইখনেই মোৰ বড় অসম!..._*

Image
*_এইখনেই মোৰ বড় অসম!..._* _হয়, সুজলা সুফলা শস্য শ্যামলা অসমখনেই মোৰ আই জননী। এইখন লাচিত বৰফুকন আৰু বাঘ হাজৰিকা (ইছমাইল ছিদ্দিকী)ৰ অসম। বীৰ চিলাৰায়, মূলাগাভৰু, কনকলতা বৰুৱা, হুছেইন গাঁওবুঢ়া আৰু সতি সাবিত্ৰীৰ এইখন বড় অসমত শংকৰ-আজানৰ সম্প্ৰীতিৰ ডোলেৰে বান্ধ খাই আছে বৃহত্তৰ অসমীয়া জাতি। শংকৰদেৱ আৰু চান্দ খাঁৰ মিলনভূমি অসম মুলুকত নাই কোনো কাহানিও নাছিল বৰ্তমানো নাই সাম্প্ৰদায়িকতাবাদ আৰু নাই কোনো জাতিগত ভেদভাৱ। কিন্তু পৰিতাপৰ বিষয়ঃ সম্প্ৰতি একাংশ ভণ্ড, স্বাৰ্থপৰ, বিভেদকামী, সাম্প্ৰদায়িক ব্যক্তি তথা হিংসাকুৰীয়া ৰাজনীতিবিদে সস্তীয়া জনপ্ৰিয়তা অৰ্জন আৰু ৰাজনৈতিক লাভালাভৰ বাবেই আমাৰ যাউতীযুগীয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ এনাজৰীডাল ছিঙি থানবান কৰিব বিচাৰিছে (যিটো কাৰো কাম্য নহয়)। হিন্দু-মুছলমানৰ মাজত ধৰ্ম, জাত-পাতৰ বৃহত্তম প্ৰাচীৰ নিৰ্মাণেৰে দূৰত্ব বৃদ্ধি কৰিবলৈ চেষ্টাত ত্ৰুটি কৰা নাই। পাৰস্পৰিক সম্পৰ্কত অবিশ্বাসৰ ভাৱ জগাই তুলিব বিচৰা হৈছে। যিসকলে পৰস্পৰৰ মাজত তিক্ততা আনিব বিচাৰিছে, তেনে কাল পিশাচ বোৰক চিনাক্ত কৰি তেওঁলোকক এঘৰীয়া কৰিব লাগিব আৰু আমি হিন্দু-মুছলমান নিৰ্বিশেষে সক...

নতুন বছৰৰ পহিলা দিনটোত সংবাদ মাধ্যমৰ সন্মানীয় সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি আহ্লাদিত হওঁ৷ copy from C M sir

Image
নতুন বছৰৰ পহিলা দিনটোত সংবাদ মাধ্যমৰ সন্মানীয় সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি আহ্লাদিত হওঁ৷  ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতে যোৱা বছৰটো বিজ্ঞান, ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক দিশত ৰাজ্যখনৰ বাবে এক উজ্জ্বলতম বৰ্ষ আছিল আৰু বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনলৈ সাফল্য কঢ়িয়াই আনিছিল। বিগত ৮ মাহত আমি অৰ্থনৈতিক দিশত উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ লগতে আইন-শৃংখলা পৰিস্থিতিও যথেষ্ট উন্নত হৈছে৷ ট্ৰাইবেল চিভিল ছ’চাইটি তথা ছাত্ৰ সংগঠনসমূহৰ উল্লেখনীয় ভূমিকাৰ ফলত ৰাজ্যৰ কেইবাটাও উগ্ৰপন্থী সংগঠন মূল সুঁতিলৈ উভতি আহিছে। সমান্তৰালভাৱে যোৱা ৮ মাহত অনুষ্ঠিত ৩১খন কেবিনেট বৈঠকত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। বিগত বৰ্ষত আমি মিছন বসুন্ধৰাৰ লগতে পৰিবহণ বিভাগ, অভ্যন্তৰীণ জল পৰিবহণ বিভাগ আদিকে ধৰি বহু বিভাগৰ কাম-কাজ অনলাইনৰ মাধ্যমেৰে সম্ভৱ কৰি তুলিছো যাৰ ফলত জনসাধাৰণে অতি সহজে নিজ বাসগৃহৰ পৰা বিভিন্ন সেৱা লাভ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক সময়ছোৱাত আমি চৰকাৰৰ বিভিন্ন সেৱা প্...

সমবায় সমূহে আৰু কিমান দিন বাকীত ভাত খুৱাব হিমন্তৰ ভোটাৰক”

Image
“সমবায় সমূহে আৰু কিমান দিন বাকীত ভাত খুৱাব হিমন্তৰ ভোটাৰক” (2021 চনৰ শেষ পষ্ট ৷ যোৱা বছৰটোত আপোনালোকৰ সীমাহীন সঁহাৰিৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো🙏 আমাৰ মাজৰে এচাম মানুহৰ এক ভয়ঙ্কৰ সমস্যা লৈ, বছৰটোৰ শেষ পষ্টটো লিখিলো ৷ আশাকৰোঁ আপোনালোকে সঁহাৰি জনাই পষ্টটো শ্বেয়াৰ কৰি, ৰজাঘৰৰ কাণত পেলাই, সমবায়ৰ গৰাকীসকলক টকাখিনি পোৱাত সহায় কৰে যেন।)           মোদী চৰকাৰে দুখন ফ্ৰি চাউলৰ আঁচনিৰে ভাৰতত চাউল বিলাই আছে ৷ এখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। NFSA 13. আনখন প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনা 2019.       খাদ্য সুৰক্ষা আইনখন ২০১৩ চনত কংগ্ৰেছে অনা আইন। ২০১৪ চনত মোদী জিকিলেই নহয়। গতিকে কংগ্ৰেছে অনা আইনখন মোদীৰ দিনতহে কাৰ্য্যকৰী হ’লগৈ ৷ তাতে আকৌ মোদীৰ কি লেভেল ৷ কংগ্ৰেছে পাৰি থোৱা পীৰাত বহিয়েই কংগ্ৰেছকে তুলাধুনা দিয়ে মোদীয়ে ৷       দুয়োখন “চাউল আঁচনিত” গাইপতি ৫ কেজিকৈ চাউল দিয়া হয় ৷ মানে এজন মানুহে দুয়োখন আঁচনিৰ পৰা মাহেকত মুঠ দহ কেজিকৈ চাউল বিনাপইছাত আৰু ৰাইজৰ টেক্সৰ টকাৰে খাই আছে ৷ এই চাউলৰ বাবদ খৰছ হোৱা টকা, কেন...

#তিতাবৰৰ মিঠা সোৱাদ”

Image
        সেইদিনা আছিল ৩০ নবেম্বৰ ৷ ২০২১ ৷ সেই সময়খিনিত মই উজনিৰ মোৰ জন্ম জিলা গোলাঘাটত আছিলো ৷ সেইদিনা গোলাঘাটৰ পৰা নাহৰণিত সোমাই, নাহৰণি মাজগাঁৱৰ উচ্চশিক্ষিত যুৱক তথা তবলিগ জামাতৰ কৰ্মী ৰাতুল হুচেইনৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি, মই যোৰহাট জিলাৰ তিতাবৰলৈ যাত্ৰা কৰিলো ৷ ভিতৰুৱা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গৈ আছিল মোৰ ব্যক্তিগত বাহনখন ৷ চালকৰ চিটত মোৰ স্বামী নিবিড় শৰ্মা ৷ পিছৰ চিটত মোৰ সন্তান ৷ অসমৰ বাহিৰতে বেছিভাগ সময় পাৰ কৰি অহা মোৰ স ন্তান উজনি ভ্ৰমণৰ আনন্দত আপ্লুত ৷ গোলাঘাট জিলাৰ ভিতৰুৱা ঠাইসমূহৰ নিজান পৰিৱেশত সিহঁত ডুব গৈ আছিল। আত্মবিভোৰ সন্তান কেইটালৈ চাই মোৰ মনটো কিছু সেমেকিল ৷ সিহঁতক অসমৰ পৰা বহুবছৰ আঁতৰাই ৰাখি, এতিয়াহে অসমৰ পৰিৱেশত এৰি দিব লগা হোৱাৰ দুখে, মোক সদায় আমনি কৰে ৷ জন্মভূমিত থকাৰ আমেজেই বেলেগ ৷ যিটো মোৰ সন্তানে এতিয়াহে উপলব্ধি কৰিব পাৰিছে ৷ গাড়ীৰ ৰিয়েৰ ভিউত সিহঁতলৈ চালো ৷ সিহঁতৰ কোমল মুখকেইখনৰ সতেজ চকুকেইজুৰিত দেশপ্ৰেমৰ জলমল ছবি ৷  : ৰাতুল হুছেইনৰ ঘৰৰ ক’লা তেল পিঠাখন বৰ ভাল লাগিল ন ?        নিবিড়ৰ ম...

শিখা শৰ্মালিখনি। -মদাহী-

Image
“হিমন্তই মদৰ বেপাৰ কৰিছে” “তোমালোকে মদ খোৱা, বাধা নাই। কেৱল মদ খাই গাড়ী নচলাবা” এইয়াই মদাহীলৈ হিমন্তৰ মৰমৰ বানী ৷ বিশ্বনাথ চাৰিআলিত মদাহীৰ বাবে অসম চৰকাৰৰ টল ফ্ৰী নাম্বাৰ ৷ কিমান মদ খাই খাওক। ভৰি পাক খাই গ’লে বা লেবেজান হৈ পৰিলে, তেনে মদাহীক ঘৰত থোৱাৰ দায়িত্ব অসম পুলিচৰ ৷ টেটুলৈকে মদ খাওক। মাজনিশা ঘৰত থৈ অহাৰ দায়িত্ব অসম চৰকাৰে লৈছে ৷ চহৰৰ অলিয়ে গলিয়ে মদৰ দোকান দি হেঁপাহ নপলোৱা চৰকাৰে, এতিয়া গাঁওবোৰত মদৰ ঘাটি বহুৱাই দিলে। “খা কিমান খাৱ” ৷ কৰোণাত সব দোকান বন্ধ ৷ গেলামাল আৰু মদৰ দোকান খোলা। মদৰ Home delivery কৰে হিমন্তৰ চৰকাৰে ৷ ইয়াতকৈ আৰু ঘৃণনীয় কাম কি হ’ব পাৰে ? বৃটিছে অসমীয়াক কানি খুৱাই এচাম মূৰ্খৰ পৰা সকলো কাঢ়ি লৈছিল ৷ কানিয়া অসমীয়াই জীৱনত কঠোৰ পৰিশ্ৰম কৰিবলৈ টান পোৱা হ’ল। এতিয়া বৃটিচৰ আদৰ্শ সৰোগত কৰি, বিজেপিয়ে অসমীয়াক মদ খুৱাই মাৰিব খুজিছে ৷ কোনো ভদ্ৰ ঘৰৰ মানুহে মদ খাই পুলিচৰ ফ্ৰি গাড়ী মাতি ঘৰলৈ নাহে। ঘৈনীয়েকে চেন্দেলেৰে কোবাব। মাকে ঝাড়ুৰে কোবাব ৷ কিছুমান আহিব ৷ মদ খাই মাতাল হৈ, সাংবাদিকৰ কেমেৰাত মুখ জিলিকাই, পুলিচৰ লগত আহি ঘৰ সোমাব ৷ সেই মূৰ্খবোৰেই ইলেক...